নগাঁও

হুঁচৰি পৰিৱেশন কৰি পোৱা ধনেৰে বৃদ্ধাশ্ৰমৰ আইমাতৃ সকলক দিলে খাদ্য সামগ্ৰী...

Asomiya Pratidin

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ এতিয়া ৰাজ্যত ব’হাগ বিহু বতৰ । বিহুৰ বতৰত সকলোৱে ঘৰে ঘৰে হুঁচৰি মাৰি ধন সংগ্ৰহ কৰে । এই ধন সংগ্ৰহ কৰি কিছুৱে ভোজ খায় আনন্দ ফুৰ্তি কৰে । ইয়াৰ বিপৰীতে এক ব্যতিক্ৰম হ’ল বটদ্ৰৱাৰ সৰুহিছা গাঁৱৰ মহিলাসকলৰ এটি গোট হৈছে মনিকাঞ্চন বিহু হুঁচৰি দল ।

এই মনিকাঞ্চন বিহু হুঁচৰি দলৰ মহিলাসকল একত্ৰিত হৈ এইবেলি বিহুত বটদ্ৰৱাৰ গৃহস্থৰ চোতালে চোতালে পৰিবেশন কৰিছিল হুঁচৰি ।

এই হুঁচৰি গাই পোৱা ধনেৰে মনিকাঞ্চন বিহু হুঁচৰি দলৰ মহিলাসকলে ব্যতিক্ৰমী চিন্তা ধাৰাৰে নগাঁৱৰ সন্ত বিনোৱাজী জেষ্ঠ নাগৰিক গৃহ(বৃদ্ধাশ্ৰম)ৰ আইমাতৄ সকলক খাদ্য সামগ্ৰী প্ৰদান কৰে ।

যাৰ পৰিপেক্ষিত সন্ত বিনোৱাজী জেষ্ঠ নাগৰিক গৃহত এক আনন্দময় পৰিৱেশৰ সূচনা হয় । মনিকাঞ্চন বিহু হুঁচৰি দলৰ মহিলাসকলে বৃদ্ধাশ্ৰমৰ আইমাতৄ সকলক গামোছাৰে ওলগ জনোৱাৰ লগতে সকলোৱে হুঁচৰি গাই, বিহু নাচি আপোনপাহৰা হৈ পৰে ।

হুঁচৰি গাই পোৱা ধনেৰে প্ৰীতিভোজৰ আয়োজন কৰাৰ বিপৰীতে বৃদ্ধাশ্ৰমৰ আইমাতৄ সকলক খাদ্য সামগ্ৰী প্ৰদান কৰা মনিকাঞ্চন বিহু হুঁচৰি দলৰ এই মহানুভৱতা তথা ব্যতিক্ৰমী পদক্ষেপক সকলোৱে একেমুখে শলাগ লৈছে।