নগাঁৱত ৮৬ লাখ টকাৰ নিষিদ্ধ হেৰ'ইনসহ দুজনক আটক...
নগাঁৱত ৮৬ লাখ টকাৰ নিষিদ্ধ হেৰ'ইনসহ দুজনক আটক... 
নগাঁও

নগাঁৱত ৮৬ লাখ টকাৰ নিষিদ্ধ হেৰ'ইনসহ দুজনক আটক...

Asomiya Pratidin

ডিজিটেল সংবাদ নগাওঁঃ পুনৰ নগাঁও চহৰৰ মাজমজিয়াত ড্ৰাগছসহ আটক কৰা হৈছে দুই সৰবৰাহকাৰীক। ফাকুৱাৰ আনন্দৰ মাজতে সোমবাৰে বিয়লি সংঘটিত হৈছে এই ঘটনা।

উল্লেখ্য যে, এক গোপন সূত্ৰৰ পম খেদি সোমবাৰে বিয়লি নগাঁও আৰক্ষীয়ে নগাঁও ক্লক টাৱাৰৰ সমিপত জব্দ কৰে নিষিদ্ধ হেৰ'ইন। জব্দ কৰা হেৰ'ইনখিনিৰ আনুমানিক মূল্য প্ৰায় ৮৬ লাখ টকা।

আৰক্ষীয়ে আটক কৰিছে হেৰ'ইখিনি সৰবৰাহ কৰা দুই সৰবৰাহী ক্ৰমে আনাৰুল ইছলাম আৰু ময়নোদ্দিন আহমেদক। দুয়োৰে পৰা আৰক্ষীয়ে জব্দ কৰিছে AS 02AJ 0170 নম্বৰৰ এখন ছুইফ্ট ডিজায়াৰ বাহন। এই বাহনখনতেই ডিমাপুৰৰ পৰা নগাঁৱলৈ কঢ়িয়াই আনিছিল হেৰ'ইনখিনি। ৩৭ টা চাবোনৰ বাকচত আনিছিল এই হেৰ’ইনখিনি।