কলিয়াবৰত বন্দুকসহ দুজনক গ্ৰেপ্তাৰ...
কলিয়াবৰত বন্দুকসহ দুজনক গ্ৰেপ্তাৰ... 
নগাঁও

কলিয়াবৰত বন্দুকসহ দুজনক গ্ৰেপ্তাৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ কলিয়াবৰঃ কলিয়াবৰৰ শাগমুঠিয়া চাহ বাগিচাত মঙ্গলবাৰে হস্তনিৰ্মিত বন্দুকসহ গ্ৰেপ্তাৰ হয় দুজনকৈ লোক৷ বন‍্যপ্ৰাণী চিকাৰৰ অপৰাধত কাজিৰঙা বন বিভাগে গ্ৰেপ্তাৰ কৰে লোক দুজনক।

ধৃত লোক দুজন ক্ৰমে শাকমুঠিয়া চাহ বাগিচাৰ খেলমাটি লাইনৰ ওহিনাথ ওৰাং আৰু বামুণী পথাৰৰ চামুং টিমুং। কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ বুঢ়াপাহাৰ বনাঞ্চলৰ বনাঞ্চলিক বিষয়াৰ নেতৃত্বত শাকমুঠিয়া পহৰাদাৰী বন শিবিৰৰ বনকৰ্মীয়ে বন্দুকসহ হাতে-লোটে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় লোক দুজনক।

ধৃত লোক দুজনৰ পৰা এটা হস্ত নিৰ্মিত বন্দুক, খাৰ-বাৰুদ আৰু দুটা মোবাইল ফোন জব্দ কৰে বন বিভাগে। ধৃত লোক দুজনক কলিয়াবৰ মহকুমা ন‍্যায়িক আদালতত হাজিৰ কৰাৰ পিছত আদালতে দুয়োকে ন্যায়িক জিন্মালৈ প্ৰেৰণ কৰে।