আটকাধীন লোককেইজন
আটকাধীন লোককেইজন 
নগাঁও

চোৰাং গৰু ভৰ্তি ট্ৰাক জব্দ, আটক শিক্ষকসহ তিনিজনক...

Asomiya Pratidin

ডিজিটেল সংবাদ, বঢ়মপুৰঃ ৰাজ্যত বৰ্তমানেও অব্যাহত আছে চোৰাং গৰু সৰবৰাহ । শুকুৰবাৰে পুনৰ জব্দ কৰা হৈছে চোৰং গৰু । নগাঁৱৰ বৰঘাটত চোৰাং গৰু ভৰ্তি ট্ৰাক জব্দ ।

ধেমাজিৰ পৰা বৰ্ণিহাটলৈ নি থকা অৱস্থাত জব্দ কৰা হৈছে চোৰাং গৰু । দক্ষিণ শালমৰাৰ এগৰাকী শিক্ষকৰ নেতৃত্বত লৈ যোৱা হৈছিল চোৰাং গৰু খিনি ।

হজৰৎ আলী আহমেদ নামৰ এগৰাকী শিক্ষকে সৰবৰাহ কৰিছিল চোৰাং গৰু ।

হজৰতৰ লগতে মঞ্জিল হুছেইন, আলিমুদ্দিন আৰু জীয়ানুৰ হককো আটক কৰিছে আৰক্ষীয়ে । দক্ষিণ শালমৰা বুছাকাটা এলপি স্কুলৰ শিক্ষক হজৰৎ আলী।

জব্দকৃত ট্ৰাকখনৰ নম্বৰ হৈছে AS01FC5047 ।