কচুৱাৰ মাখনগাঁৱত কৰুণ ঘটনাঃ চাৰি সন্তানৰ মাতৃৰ বিষ খাই আত্মহত্যা...
কচুৱাৰ মাখনগাঁৱত কৰুণ ঘটনাঃ চাৰি সন্তানৰ মাতৃৰ বিষ খাই আত্মহত্যা... 
নগাঁও

কচুৱাৰ মাখনগাঁৱত কৰুণ ঘটনাঃ চাৰি সন্তানৰ মাতৃৰ বিষ খাই আত্মহত্যা...

Asomiya Pratidin

ডিজিটেল সংবাদ কামপুৰঃ পৰকীয়া প্ৰেমৰ পৰিণতিত কচুৱাৰ শিঙিমাৰীত এগৰাকী বিবাহিত মহিলাই বিষ খাই আত্মহত্যা কৰা ঘটনাই কচুৱা-শিঙিমাৰী অঞ্চলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ মইনা খাতুন (৩০) নামৰ মহিলাগৰাকীয়ে জাগীৰোডৰ হাৰেজ আলীৰ লগত বিবাহপাশত আৱদ্ধ হৈ চাৰিটাকৈ সন্তানৰ মাতৃ হৈছিল ৷

পাছত মদাহী স্বামীৰ অত্যাচাৰৰ বলি হৈ পিতৃগৃহ শিঙিমাৰীলৈ ঘূৰি আহিছিল ৷ পৰৱৰ্তী সময়ত দিনহাজিৰা কৰি চাৰিটা সন্তানক পোহপাল দিয়া মইনা খাতুন বৰপানী জুৰিৰপাৰ গাঁৱৰ লম্পট যুৱক মফিজুদ্দিন ওৰফে বাদশ্বাহৰ প্ৰেমত পৰে ৷

যোৱাবছৰ উক্ত যুৱকৰ প্ৰৰোচনাত পৰি কেৰালালৈ গৈছিল মইনা খাতুন ৷ লম্পট বাদশ্বাহে মহিলাগৰাকীৰ হাতৰ পৰা পঞ্চাশ হাজাৰ টকা আদায় লৈ বিয়া নাপাতো বুলি জনাই দিয়াত মহিলাগৰাকীয়ে যোৱা ২৫ এপ্ৰিলৰ নিশা নিগনী মৰা ঔষধ খাই অচেতন হৈ পৰে ৷

পৰিয়ালৰ লোকে মইনা খাতুনক নগাঁৱৰ এখন নাৰ্চিং হোমত ভৰ্তি কৰে যদিও যোৱা নিশা কৰুণ মৃত্যুক আকোৱালি লয় ৷ আজি কচুৱা থানাত মৃতকৰ পৰিয়ালে গোচৰ তৰাত মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে ৷ স্থানীয় সচেতন মহলে লম্পট চৰিত্ৰৰ যুৱক বাদশ্বাহক কৰায়ত্ব কৰি কঠোৰ শাস্তি বিহিবলৈ দাবী জনাইছে ৷