কচুৱাত তিনি ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ...
কচুৱাত তিনি ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ... 
নগাঁও

কচুৱাত তিনি ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ কামপুৰঃ মঙ্গলবাৰে কচুৱা আৰক্ষীয়ে এক জোৰদাৰ অভিযান চলাই তিনিটাকৈ ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ ধৃত তিনি ড্ৰাগছ সৰবৰাহকাৰী সোনাৰিগুৰিৰ চাদ্দাম হুছেইন (৩১), আবেদ আলী (৪০) আৰু নামকাহুন্দাৰ এমৰাজুল ইছলাম (৩৪)।

তিনিওৰে পৰা ৪১.৮৫ গ্ৰাম ওজনৰ ড্ৰাগছ জব্দ কৰিছে আৰক্ষীয়ে ৷ আৰক্ষীয়ে অভিযান চলাই ধৃত লোক কেইজনক কচুৱা-কামপুৰ গড়কাপ্তানি পথৰ পৰা গ্ৰেপ্তাৰ কৰে ৷ কচুৱা থানাই তিনিওৰে বিৰুদ্ধে এটা গোচৰ ৰুজু কৰি জেৰা অব্যাহত ৰাখিছে ৷