সোণাইপৰীয়া ৰঙালী বিহু উৎসৱৰ সফল সামৰণি
সোণাইপৰীয়া ৰঙালী বিহু উৎসৱৰ সফল সামৰণি 
নগাঁও

সোণাইপৰীয়া ৰঙালী বিহু উৎসৱৰ সফল সামৰণি...

Asomiya Pratidin

ডিজিটেল সংবাদ, বটদ্ৰৱা: নগাঁও জিলাৰ ৰাইদঙীয়াৰ ক’ৰচুং সত্ৰ ৰাস মন্দিৰ প্ৰাংগণত অনুষ্ঠিত সোণাইপৰীয়া ৰঙালী বিহু উৎসৱটি শনিবাৰে নিশা সামৰণী পৰে ।

দুদিনীয়াকৈ অনুষ্ঠিত বিহু উৎসৱৰ কাৰ্যসূচী অনুসৰি ৫ মে'ৰ পুৱা পতাকা উত্তোলন, বন্তি প্ৰজ্বলন আৰু শ্বহীদ তৰ্পণ, মাৰাথন দৌৰ প্ৰতিযোগিতা, শিশু, ছাত্ৰ-ছাত্ৰী আৰু বোৱাৰীসকলৰ মাজত বিভিন্ন খেল-ধেমালী অনুষ্ঠিত হ’য় ৷

দুপৰীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকণ, কবিতা আবৃত্তি আৰু আকস্মিক বক্তৃতা প্ৰতিযোগিতাৰ লগতে বিয়লি পিঠা-পনা আৰু আঞ্চলিক ভিত্তিত জেং বিহু প্ৰতিযোগিতা অনুষ্ঠিত হ’য় ।

সামৰণি অনুষ্ঠান

প্ৰথম দিনৰ সন্ধিয়া বঁটা বিতৰণী আৰু সম্বৰ্ধনা অনুষ্ঠানৰ অন্তত স্থানীয় শিল্পীসকলৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় ।

শনিবাৰে দ্বিতীয় দিনা সন্ধিয়া জাতীয় সাজ-পাৰ পৰিধান প্ৰতিযোগিতাৰ পাছত সন্ধিয়া ৭ বজাত সাংবাদিক দিব্যজ্যোতি বৰুৱাৰ পৰিচালনাত মুকলি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয় ।

কৌশিক কলিতা সোঁৱৰণীত অনুষ্ঠিত মুকলি কুইজ প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে ভাৰ্গৱ আদিত্য বৰুৱা, দ্বিতীয় স্থান লাভ কৰে প্ৰিয়ম্বদা কাশ্যপ আৰু তৃতীয় স্থান লাভ কৰে জ্যোতিৰ্ময়ী বৰুৱাই ।

নিশা অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানত জনপ্ৰিয় কন্ঠশিল্পী গীতালি দেৱী আৰু বিউটি বাইলুং খ্যাত ছুমকী শইকীয়াৰ অনুষ্ঠানে সহস্ৰাধিক দৰ্শকক মন্ত্ৰমুগ্ধ কৰি ৰাখে।