নগাঁও

পথৰ মাজৰ এজোপা অৰ্জুন গছত বৰটোকোলাৰ বাহঃ অপৰূপ সৌন্দৰ্যত থৰ লাগিছে প্ৰকৃতিপ্ৰেমী

Asomiya Pratidin

ডিজিটেল সংবাদ,নগাঁও : ৰাজপথৰ মাজত এজোপা অৰ্জুন গছ ৷ ৰাষ্ট্ৰীয় ঘাই পথ প্ৰাধিকৰণে কাটি পেলাব বিচাৰিছিল গছজোপা ৷ প্ৰকৃতিপ্ৰেমী আৰু স্থানীয় লোকৰ হেঁচাত গছজোপা নকটাকৈ চাৰি লেনযুক্ত পথৰ নিৰ্মাণ কৰা হয় ৷ বৰ্তমান এই গছজোপাই সকলোকে আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷

বৃহৎ আকাৰৰ অৰ্জুন গছ জোপাতে দুষ্প্ৰাপ্য বৰটোকোলা চৰাইৰ আশ্ৰয় স্থান ৷ বৰ্তমান বাহ সাজি বৰটোকোলা চৰাইয়ে বসবাস কৰা দৃষ্টিনন্দন পৰিৱেশে সকলোকে আকৰ্ষণ কৰিছে । এই গছজোপা এতিয়া সকলোৰে আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে।

নগাঁও জিলাৰ মাজেৰে পাৰ হৈ যোৱা চাৰি লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা মৃত্যুঞ্জয় মন্দিৰলৈ সোমাই যোৱা মূল পথৰ কাষৰে নৰ্তম গাঁৱতে আছে এই বৃহৎ আকাৰৰ অৰ্জুন গছজোপা। দীৰ্ঘদিন ধৰি এই গছজোপাত বাস কৰি আহিছে দুস্প্ৰাপ্য পক্ষী হিচাপে চিহ্নিত বৰটোকোলা চৰাই।

নগাঁৱৰ বৰঘাট বাইপাছৰ পৰা উৰিয়াগাঁও হৈ উজনি অসমলৈ যোৱাৰ পথত নৰ্তম গাঁৱৰ ওচৰত চাৰি লেনযুক্ত ৰাষ্ট্ৰীয় ঘাই পথৰ সোঁ-মাজতে আছে গছজোপা। এই গছজোপাৰ ওপৰ অংশত বৰটোকোলাৰ কেবাটাও পৰিয়ালে বাহ সাজি বসবাস কৰি আহিছে।

এই বাহসমূহত শেহতীয়াকৈ বহুকেইটা বৰটোকোলাৰ পোৱালি আছে। পথৰ মাজত থকা গছজোপাৰ দুয়ো কাষেৰে অসংখ্য যান বাহনৰ অহা যোৱা । ব্যস্ততাপূৰ্ণ পথটোৰে অহা যোৱা কৰা লোকে এপলকৰ বাবে হ'লেও প্ৰত্যক্ষ কৰে গছজোপাৰ দৃষ্টিনন্দন দৃশ্য ৷

এই গছজোপাৰ ওচৰত গাড়ী ৰখাই গছজোপাত থকা বৰটোকোলাৰ বাহলৈ চাই আপোনভোলা হৈ পৰে যাত্ৰীসকল ৷ দেশী বিদেশী পৰ্যটক সকলেও দৃষ্টিনন্দন দৃশ্য চাবলৈ ক্ষণিকৰ বাবে হ'লেও গছজোপাৰ তলত ৰোৱা দেখা যায় । গছজোপা সকলোৰে বাবে আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হ'লেও এক বিপদ সংকুল পৰিবেশত আছে গছজোপাৰ বাহত থকা বৰটোকোলাৰ পোৱালিসমূহ।

ধুমুহা ,বৰষুণ ,বতাহ আহিলেই পোৱালি সমূহ পথত পৰি মৃত্যু হ'ব পাৰে বুলি প্ৰকৃতি প্ৰেমী সকলে শংকা প্ৰকাশ কৰিছে। প্ৰকৃতিপ্ৰেমী লোকে বৰটোকোলাৰ পোৱালীৰ ক্ষতি সাধন নহ'বলৈ কিছু ব্যৱস্থা গ্ৰহণ কৰিছে যদিও শংকিত তেওঁলোকে ৷

বন্যপ্ৰানী সংৰক্ষণ বিভাগে এই ক্ষেত্ৰত কাৰ্য্যকৰী পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই বুলি প্ৰকৃতিপ্ৰেমীৰ আক্ষেপ প্ৰকাশ ৷ লগতে উল্লেখ কৰে যে, বিয়াগোম বন বিভাগৰ হাতত নাই এই বৰটোকোলা চৰাই সন্দৰ্ভত যথোপয়ুক্ত তথ্য ৷