নগাঁও

কামপুৰত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নাট সমাৰোহৰ শুভাৰম্ভ 

Asomiya Pratidin

ডিজিটেল সংবাদ,কামপুৰ : কামপুৰত শুকুৰবাৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৫৭৫ তম গুৰু জয়ন্তী আৰু নাট সমাৰোহ । এই নাটসমাৰোহ  ২৯ ,৩০ ছেপ্টেম্বৰ আৰু ১ অক্টোবৰলৈ অনুষ্ঠিত হ'ব বুলি আয়োজক সমিতিয়ে জানিবলৈ দিয়ে।

শুকুৰবাৰে সন্ধিয়া প্ৰথম দিনৰ কাৰ্যসূচী অনুসৰি বিয়লি ৩-০০ বজাত কামপুৰ জিলা শাখাৰ নামঘৰত নাট সমাৰোহৰ উদ্বোধনী সভাখন অনুষ্ঠিত হয় । শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়াই নাট উদ্বোধন কৰা অনুষ্ঠানটোত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সাংস্কৃতিক বিভাগৰ সম্পাদক প্ৰৱিত্ৰ প্ৰাণ বৰাই সভাপতিত্ব কৰে।

আনহাতে সন্ধিয়া ৬ বজাৰ পৰা কামপুৰ জিলা শাখাৰ নামঘৰত অনুষ্ঠিত হোৱা জুমুৰা নাট সমাৰোহ অনুষ্ঠানত অংশগ্ৰহণ কৰে  লখিমপুৰ জিলা (নাট: ভোজন বিহাৰ), কামপুৰ জিলা (নাট: চোৰধৰা) আৰু মৰিগাঁও জিলা (নাট: ভূমি লেটোৱা)। এই জুমুৰা নাট চাবলৈ সংঘৰ নামঘৰত আজি যথেষ্ট সংখ্যক ভক্তপ্ৰাণ ৰাইজ সমবেত হয়।