কৃতী শিক্ষক ৰূপৰাম হাজৰিকাৰ স্মৃতিচাৰণ সভা..
কৃতী শিক্ষক ৰূপৰাম হাজৰিকাৰ স্মৃতিচাৰণ সভা.. 
নগাঁও

কৃতী শিক্ষক ৰূপৰাম হাজৰিকাৰ স্মৃতিচাৰণ সভা..

Asomiya Pratidin

ডিজিটেল সংবাদ বেবেজীয়া: নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ জামুগুৰি শ্বহীদ মনবৰ নাথ মজলীয়া বিদ্যালয়ৰ কৃতী শিক্ষক ৰূপৰাম হাজৰিকাৰ আজি মাহেকীয়া আদ্যশ্ৰাদ্ধ উপলক্ষে জামুগুৰিৰ সদ্য প্ৰয়াত শিক্ষকগৰাকীৰ বাসগৃহত স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়।পুৱাৰ ভাগত নাম কীৰ্তনৰ পিছত কৃতী শিক্ষকগৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে পত্নী বেবিৰাণী দেৱীয়ে।

প্ৰবীণ শিল্পী গম্ভীৰ নাথে আঁত ধৰা অনুষ্ঠানটিত নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কয় যে- শিক্ষকসকল হ'ল দেশৰ ধৰণী শ্বৰূপ । শিক্ষকসকলৰ জ্ঞানৰ জ্যোতিয়ে সমাজখন আলোকিত কৰে। এনে এগৰাকী সফল তথা কৃতী শিক্ষক আছিল ৰূপৰাম হাজৰিকা।তেওঁৰ মৃত্যুত বিদ্যালয়খনৰ লগতে সমাজখনে এগৰাকী সু -শিক্ষক হেৰুৱালে।

সভাত আন এজন অতিথি তথা অসমৰ খ্যাতনামা নাট্যকাৰ অৱতাৰ সি‌ঙয়ে কয় যে, এখন বিদ্যালয়ৰ এজন কৃতী শিক্ষকৰ মৃত্যুয়ে বিদ্যালয়ৰ লগতে সমগ্ৰ অঞ্চলটোৰে ক্ষতি হৈছে। স্মৃতিচাৰন সভাত জামুগুৰি শ্বহীদ মনবৰ নাথ মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক দীপক হাজৰিকা,অনিল চন্দ্ৰ নাথ, নোমল চন্দ্ৰ বৰদলৈ,দীগেন চন্দ্ৰ বৰুৱা, বন্দনা ডেকা,জ্যোতিৰেখা ভূঞা ,ৰিজুমণি বৰা,তুষাৰ জ্যোতি ফুকন ,শত'বিষা ফুকনে সদ্য প্ৰয়াত ৰূপৰাম হাজৰিকাৰ লগত কটোৱা স্মৃতি সোঁৱৰণ কৰাৰ লগতে তেখেতৰ সহজ-সৰল অমায়িক স্বভাৱৰ বিষয়ে সভাত উল্লেখ কৰে।

সভাত বিদ্যালয়খনৰ তৰফৰ পৰা যুগুত কৰা শ্ৰদ্ধাঞ্জলি সম্বৰ্ধণা প্ৰত্ৰখন কৃতী শিক্ষক গৰাকীৰ পত্নী বেবিৰাণী দেৱীৰ হাতত অৰ্পণ কৰে। স্মৃতিচৰণ অনুষ্ঠানটিত শিক্ষকগৰাকীৰ মাতৃ ভাৰতী হাজৰিকা, একমাত্ৰ ভাতৃ সাংবাদিক দেৱজিৎ হাজৰিকা, ভগ্নী লাৱণ্য দেৱী, পৰিয়াল বৰ্গৰ লগতে বিশিষ্ট সমাজকৰ্মী - অগপ নেতা বিৰ সিঙ নাথ, সমাজকৰ্মী হলিৰাম নাথ,শাস্তগ্য নৰেণ নাথ, অৱসৰপ্ৰাপ্ত শিক্ষক পূৰ্ণ কান্ত নাথ, প্ৰফুল্ল নাথ, হীৰেন নাথ,মুনীন্দ্ৰ নাথ,সমবায় বিভাগৰ অৱসৰপ্ৰাপ্ত পৰিদৰ্শক লোকেন নাথ, নবীন নাথ,কবি লক্ষ্য জ্যোতি বৰা, অধিবক্তাদ্বয় হেমন্ত ভূঞা আৰু স্বাগতা কলিতাকে ধৰি আঢ়ৈ শতাধিক লোক উপস্থিত থাকে।