ৰূপহী মহাবিদ্যালয়ত জি-২০ প্ৰেছিডেঞ্চী উদযাপন উপলক্ষে যুৱ সমাৰোহ...
ৰূপহী মহাবিদ্যালয়ত জি-২০ প্ৰেছিডেঞ্চী উদযাপন উপলক্ষে যুৱ সমাৰোহ... 
নগাঁও

ৰূপহী মহাবিদ্যালয়ত জি-২০ প্ৰেছিডেঞ্চী উদযাপন উপলক্ষে যুৱ সমাৰোহ...

Asomiya Pratidin

ডিজিটেল সংবাদ ৰূপহীহাট: ৰূপহী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত মঙ্গলবাৰে দিনজোৰা কাৰ্যসূচীৰে নেহৰু যুৱকেন্দ্ৰ নগাঁৱৰ উদ্যোগত তথা এন এছ এছ গোট, ৰূপহী মহাবিদ্যালয়ৰ সহযোগত ভাৰতে জি-২০ ৰ অধ্যক্ষতা লাভ কৰাক উদযাপনৰ লক্ষ্যৰে জিলা পৰ্যায়ত প্ৰতিবেশী যুৱ সংসদ সমাৰোহৰ আয়োজন কৰা হয় ।

ৰূপহী মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ মনোজ কুমাৰ নাথে বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভণি কৰে ৷ অনুষ্ঠানত ছাত্ৰ -ছাত্ৰীক লক্ষ্য কৰি জি-২০, মিচন লাইফ, আন্ত:ৰাষ্ট্ৰীয় মেলেট , যুৱ সংসদ ও সজাগতা আদি চাৰিটাকৈ বিষয়বস্তুৰ ওপৰত নিৰ্দিষ্ট বক্তা ৰূপে বক্তব্য প্ৰদান কৰে নগাঁও মহাবিদ্যালয়ৰ অধ্যাপিকা ডঃ সংগীতা বৰা, ৰূপহী মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰিক ড০ আব্দুল জলিল, ৰূপহী মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ অধ্যাপক নুৰ মোহাম্মদ ,চি বি অ' এছ কনছালটেণ্ট নগাওঁ, ৰণদ্বীপ নন্দী দেৱে ।

নেহৰু যুৱ কেন্দ্ৰ নগাঁৱৰ সমল ব্যক্তি আবু ছাদিক কবিৰে অনুস্থানটিৰ আঁত ধৰে ৷ উক্ত অনুষ্ঠানত মুকলি সভাত নেহৰু যুৱ কেন্দ্ৰৰ ৰাজ্যিক সঞ্চালক ছৈয়দ আলীয়ে মূখ্য অতিথি হিচাপে উপস্থিত থাকি চৰকাৰী আঁচনিৰ সঠিক ৰূপায়নকে আদি কৰি ৰাষ্ট্ৰ নিৰ্মানত যুৱ সমাজৰ বলিষ্ঠ ভূমিকা ল'বলৈ আহ্বান জনোৱাৰ লগতে গাওঁ অঞ্চলৰ যুৱ অনুষ্ঠানৰ সমাজৰ উন্নয়ন হোৱাকৈ কাম কৰি যাবলৈ অনুৰোধ জনায়।

সভাখনত যুৱ নেতা মোশ্বাৰফ হুছেইন কবিৰ, নগাঁও চাইল্ড লাইনৰ সমল ব্যক্তি ফিৰোজ আহমেদো উপস্থিত থাকে। অনুষ্ঠানৰ লগত সংগতি ৰাখি নগাঁও নেহৰু যুৱ কেন্দ্ৰৰ ২০২২ বৰ্ষৰ শ্ৰেষ্ঠ যুৱ অনুষ্ঠান বঁটা প্ৰদান কৰে নগাওঁ চাইল্ড ডেভেলপমেন্ট চচাইটিক । বঁটাৰ লগতে ২৫ হাজাৰ টকা গ্ৰহণ কৰে সভাপতি আকিবুৰ ৰহমানে।