চামগুৰিত পথ দুৰ্ঘটনাঃ ৰাজপথতেই জ্বলি উঠিল ভাৰ্ণা বাহন...
চামগুৰিত পথ দুৰ্ঘটনাঃ ৰাজপথতেই জ্বলি উঠিল ভাৰ্ণা বাহন... 
নগাঁও

চামগুৰিত পথ দুৰ্ঘটনাঃ ৰাজপথতেই জ্বলি উঠিল ভাৰ্ণা বাহন...

Asomiya Pratidin

ডিজিটেল সংবাদ চামগুৰিঃ চামগুৰিৰ মাজমজিয়াত ৰাজপথত দাউ-দাউকৈ জ্বলিছে এখন ব্যক্তিগত বাহন। এখন কণ্টেইনাৰৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষৰ পিছতেই জ্বলি উঠে দুৰ্ঘটনাগ্ৰস্ত ভাৰ্ণা বাহনখন।

ইয়াৰ পিছতে স্থানীয় ৰাইজৰ তৎপৰতাত ঘটনাস্থলীত উপস্থিত হোৱা অগ্নিনিৰ্বাপক বাহিনীৰ বাহনৰ সহায়ত নিৰ্বাপিত কৰা হয় জুই। এই দুৰ্ঘটনাৰ ফলত আঘাতপ্ৰাপ্ত হয় ভাৰ্ণা বাহনখনৰ দুজনকৈ আৰোহী।

আহত দুয়োকে ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। জানিব পৰা মতে চামগুৰি ৰঙাগড়া তেল ডীপুৰ পৰা কণ্টেইনাৰ ট্ৰাকখন ওলাই ভুল পথেৰে আগবাঢ়িবলৈ লওঁতেই সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো।

দুৰ্ঘটনাটো সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰিব খোজা কণ্টেইনাৰ ট্ৰাকখনৰ চালক-হেণ্ডিমেনক দৌৰাই-দৌৰাই কৰায়ত্ব কৰে ৰাইজে। ইয়াৰ পিছত দুয়োকে চমজাই দিয়ে আৰক্ষীক।