কবি নীলমনি ফুকনক স্মৰণ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ
কবি নীলমনি ফুকনক স্মৰণ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ 
নগাঁও

কবি নীলমনি ফুকনক স্মৰণ যুৱ ছাত্ৰ পৰিষদৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ,নগাঁও : বিশিষ্ট কবি জ্ঞানপীঠ বঁটা বিজয়ী কবি নীলমনি ফুকনক স্মৰণ ৷ সোমবাৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ,নগাঁ‌ও জিলা সমিতিয়ে নেহেৰুবালিৰ সমীপত,প্ৰণৱ বৰুৱা শিশু উদ্যান বিশিষ্ট কবি নীলমনি ফুকনক সুৱৰি এখনি স্মৃতি চাৰণ সভা অনুস্থিত কৰে।

সভাৰ আৰম্ভণীতে কবিগৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যঅৰ্পণ কৰা হয়।সভাত উপস্থিত থাকে পৰিষদৰ নগাঁ‌ও জিলা সমিতিৰ সভাপতি প্ৰাগজ্যোতিষ বনিয়া,সাধাৰণ সম্পাদক দেৱাৰ্শীষ দাস আৰু বিষয়ববীয়া সকল ৷ সভাখনিত সাহিত্যিক গৰাকীৰ বহুটো গুনমুগ্ধৰ লগতে অনুস্থানলৈ আমন্ত্ৰণ জনোৱা নগাঁ‌ওৰ বিশিষ্ট ব্যক্তিসকল কবি ডা০ প্ৰয়াগ শইকীয়া,প্ৰদীপ শইকীয়া,সমাজ সেৱক শিৱানন্দ কাকতি,ডা০ হেমন্ত গোস্বামী,নিৰ্মালী শইকীয়া,চয়নিকা বৰা,প্ৰকৃতি প্ৰেমি বুবুল শৰ্মা,গিৰীশ বৰা,অধ্যাপক ড° মিলন নেওঁ‌গ,দেবেন শইকীয়া,জেষ্ঠ সাংবাদীক গুৰমাইল সিং ,প্ৰতুষ ৰজ্ঞন ভাগৱতী প্ৰমূখ্য কৰি বহুটো গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

সভাত বিশিষ্ট আমন্ত্ৰিত ব্যক্তিসকলে কবি নীলমনি ফুকনক সুঁ‌ৱৰি স্ব-ৰচিত কবিতা পাঠ কৰা লগতে,তেখেতৰ লগত অতিবাহিত কৰা পুৰনা মধুৰ স্মৃতি সুঁ‌ৱৰি বক্তব্য ৰাখে।