নগাঁও

কবি জীৱন নৰহলৈ ৰাষ্ট্ৰীয় বঁটা

Asomiya Pratidin

ডিজিটেল সংবাদ, নগাঁও : কলিকতাৰ পৰা প্ৰকাশিত ক্ষুদ্ৰ আলোচনী 'যাপনচিত্ৰ'ই সুদীৰ্ঘ ২০ বছৰ পূৰ্ণ উপলক্ষে এই বৰ্ষৰ পৰা 'যাপনচিত্ৰ ৰাষ্ট্ৰীয় কাব্য বঁটা' ৰ প্ৰবৰ্তন কৰিবলৈ মানস কৰিছে। সৰ্ব প্ৰথমে এই বঁটা নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ আধ্যাপক কবি জীৱন নৰহলৈ আগবঢ়োৱাৰ কথা যাপনচিত্ৰৰ তৰফৰ পৰা ঘোষণা কৰা হৈছে।

ভাৰতৰ বৰেণ্য কেইবাজনো কবি-সাহিত্যিকৰ দ্বাৰা গঠিত বিচাৰক মণ্ডলীৰ দ্বাৰা ভালেকেইগৰাকী কবিৰ মাজৰ পৰা জীৱন নৰহক 'যাপনচিত্ৰ ৰাষ্ট্ৰীয় কাব্য বঁটা'ৰ বাবে নিৰ্বাচন কৰে । এই বঁটাৰ লগতে নগদ ৫০ হাজাৰ টকা মাননি হিচাপে আগবঢ়োৱা হ'ব।

উল্লেখ্য যে ২০০২ চনত বৰেণ্য সাহিত্যক সুনীল গঙ্গোপাধ্যায় ,যোগেন চৌধুৰী, সমিক বন্দ্যোপাধ্যায়ক উপদেষ্টা মণ্ডলী হিচাপে লৈ ক্ষুদ্ৰ কাব্য আলোচনী হিচাপে আৰম্ভ কৰা এই যাপনচিত্ৰই পিছলৈ প্ৰকাশন গোষ্ঠী হিচাপেও আত্মপ্ৰকাশ কৰে ৷ চলিত বৰ্ষৰ পৰা 'যাপনচিত্ৰ ৰাষ্ট্ৰীয় কাব্য বঁটা' দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

পোন প্ৰথমবাৰ কবি জীৱন নৰহে সেই বঁটাৰে সন্মানিত হৈ ৰাষ্ট্ৰীয় স্বীকৃতিৰে ৰাজ্যবাসীলৈ সুনাম কঢ়িয়াই আনিছে । ৩১ মাৰ্চ পৰা ২ এপ্ৰিললৈ কলকতাত হ'ব লগা 'যাপনচিত্ৰ উৎসৱ'ত এই বঁটা কবি গৰাকীক আগবঢ়োৱা হ'ব বুলি জানিবলৈ দিয়ে ৷