নগাঁও

সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্তৰ বিয়োগত শোক প্ৰকাশ নগাঁও জিলা সত্ৰ মহাসভাৰ

Asomiya Pratidin

ডিজিটেল সংবাদ,নগাঁওঃ সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্তৰ বিয়োগত শোক প্ৰকাশ নগাঁও জিলা সত্ৰ মহাসভাৰ। নগাঁও সত্ৰ মহাসভাই এক শোক বাৰ্তাত উল্লেখ কৰে যে, গুৰুজনাৰ শেষ লীলাভূমি মধুপুৰ সত্ৰৰ নিষ্ঠাৱান পৰিচালক, সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্তৰ পৰলোকপ্ৰাপ্তিত নগাঁও জিলা সত্ৰ মহাসভাৰ সমূহ সদস্য আজি মৰ্মাহত।

বিভিন্ন প্ৰতিকূল পৰিবেশৰ মাজেদি তেওঁ সত্ৰখনি পৰিচালনা কৰি ঠন ধৰাই তুলিছিল। ত্যাগী পুৰুষজনৰ বিয়োগ এক পূৰাব নোৱাৰা ক্ষতি হিচাপে চিহ্নিত হৈছে। তেওঁৰ আত্মাই সজ স্থানত স্থিতি লাভ কৰক। পৰম কৰুণাময় ভগৱন্তৰ ওচৰত তাৰেই প্ৰাৰ্থনা জনাইছোঁ বুলি উল্লেখ কৰে।