নগাঁও

ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ বাবে নগাঁও জিলা প্ৰশাসনৰ প্ৰস্তুতি সম্পূৰ্ণ

Asomiya Pratidin

ডিজিটেল সংবাদ,নগাঁওঃ শুকুৰবাৰে পুৱা ৫ বজাৰ পৰা অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া। তথ্য অনুসৰি, প্ৰথম পৰ্যায়ৰ কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত ১০ টা বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ২০,৪৮,১৯৭ জন। পুৰুষ ভোটাৰ ১০,২৪,০৬১ জন আৰু মহিলা ভোটাৰ ১০,২৪,১০৩ গৰাকী আৰু তৃতীয় লিংগৰ ভোটাৰ ৩৩ গৰাকী। ৮৫ বৰ্ষৰ উৰ্ধৰ ভোটাৰ সংখ্যা ৯,৪৯২ জন। বিশেষভাৱে সক্ষম ভোটাৰৰ সংখ্যা ১৩,৯১৮ জন। কাজিৰঙা লোকসভা সমষ্টিত মুঠ ভোট গ্ৰহণ কেন্দ্ৰ ২৩৫৭ টা।

উল্লেখ্য যে,কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত নগাঁও জিলাৰ বঢ়মপুৰ বিধানসভা সমষ্টিত মুঠ ভোটাৰ ২২৭৮৮৭ গৰাকী। ইয়াৰ ভিতৰত ১১৪১৬২ গৰাকী পুৰুষ ভোটাৰ, ১১৩৭১৭ গৰাকী মহিলা ভোটাৰ আৰু ৩ গৰাকী তৃতীয় লিংগৰ ভোটাৰ। বিধানসভা সমষ্টিটোত মুঠ ৭ গৰাকী জ'নেল অফিচাৰ,২২ গৰাকী চেক্টৰ অফিচাৰ আৰু ১০১৬ গৰাকী চৰকাৰী বিষয়া কৰ্মচাৰীক ভোটগ্ৰহণ প্ৰক্ৰিয়াত জৰিত কৰা হৈছে। উল্লেখ কৰাটো প্ৰয়োজনীয় যে নগাঁও জিলাৰ পুৰণিগুদাম ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ত বৃদ্ধ মহিলাৰ বাবে দুটা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা বুলি জানিব পৰা গৈছে।

ইফালে কাজিৰঙা সংসদীয় সমষ্টিৰ অন্তৰ্গত কলিয়াবৰ বিধানসভা সমষ্টিটো লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ কৰি তুলিছে কলিয়াবৰ মহকুমা প্ৰশাসনে। ১০ নং কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত ৫৭ নং কলিয়াবৰ বিধানসভা সমষ্টিত ২৩০ টা ভোট কেন্দ্ৰৰ বাবে ১১৩৫ গৰাকী বিষয়া কৰ্মচাৰীক নিয়োগ কৰা হৈছে। ২৩০ টা ভোট কেন্দ্ৰৰ ভিতৰত চাৰিটা মডেল ভোট কেন্দ্ৰ হ'ব য'ত ভোটাৰৰ বাবে বহিব পৰা কোঠালীৰ লগতে সকলো ধৰণৰ সা-সুবিধা প্ৰদান কৰা হ'ব আৰু ১২৭ টা ভোট কেন্দ্ৰত ৱেভ কাচটিংৰো ব্যৱস্থা কৰা হৈছে। ৮৫ ৰ ঊৰ্ধ্বৰ পুৰুষ-মহিলা আৰু শাৰিৰীকভাৱে বাধাগ্ৰস্ত ভোটাৰে ডাক বেলটৰ জড়িয়তে ভোটদান সম্পূৰ্ণ কৰিছে। তদুপৰি ১০ নং কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত ৫৭ নং কলিয়াবৰ বিধানসভা সমষ্টিত এইবাৰ মুঠ ভোটাৰৰ সংখ্যা হ'ল ১ লাখ ৮৫ হাজাৰ ৪ গৰাকী। ইয়াৰে ৯১,৭৭১ গৰাকী পুৰুষ ভোটাৰ, ৯২,৯৩৯ গৰাকী মহিলা ভোটাৰ আৰু তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা ৭ গৰাকী ।