নগাঁৱৰ কন্দলিত পৰিত্যক্ত গ্ৰেণেড বিস্ফোৰণত আহত চাৰি কিশোৰ-কিশোৰী...
নগাঁৱৰ কন্দলিত পৰিত্যক্ত গ্ৰেণেড বিস্ফোৰণত আহত চাৰি কিশোৰ-কিশোৰী... 
নগাঁও

নগাঁৱৰ কন্দলিত পৰিত্যক্ত গ্ৰেণেড বিস্ফোৰণত আহত চাৰি কিশোৰ-কিশোৰী...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ শুকুৰবাৰে নগাঁৱত সংঘটিত হোৱা গ্ৰেণেড বিস্ফোৰণত আহত চাৰিজনৰ ভিতৰত দুজন বিপদমুক্ত হৈ উঠিছে। চিকিৎসালয়ত চিকিৎসাধীন হোৱা দুই আহত বিপদমুক্ত হোৱাত তেওঁলোকক চিকিৎসকে ঘৰলৈ যাবলৈ অনুমতি প্ৰদান কৰিছে।

অৱশ্যে আন দুজন আহতৰ অৱস্থা এতিয়া বিপদমুক্ত নহয়। তেওঁলোকক চিকিৎসালয়তে ৰাখি চিকিৎসা প্ৰদান কৰা হৈছে।

উল্লেখ্য যে, শুকুৰবাৰে নগাঁৱৰ কন্দলিত সংঘটিত হৈছিল এক গ্ৰেণেড বিস্ফোৰণ। পৰিত্যক্ত অৱস্থাত থকা এটা গ্ৰেণেড বিস্ফোৰণৰ ফলত আহত হৈছিল ৪ জনকৈ কিশোৰ-কিশোৰী।

কন্দলিৰ ফায়াৰিং ৰেঞ্জত পৰিত্যক্ত অৱস্থাত থকা এই গ্ৰেণেডৰ বিস্ফোৰণৰ পাছতে সমগ্ৰ নগাওঁ জিলাতে চাঞ্চল্য সৃষ্টি হৈছে। এই ঘটনাত আহাত হৈছিল ক্ৰমে ৰঞ্জু মোডী, মংগল সিং চাওঁতাল, ৰাখী গগৈ আৰু বিকাশ নামৰ এজন কিশোৰ।