হায়দৰাবাদত নিজ ভাতৃয়ে হত্যা কৰিলে নগাঁৱৰ যুৱকক...
হায়দৰাবাদত নিজ ভাতৃয়ে হত্যা কৰিলে নগাঁৱৰ যুৱকক... 
নগাঁও

হায়দৰাবাদত নিজ ভাতৃয়ে হত্যা কৰিলে নগাঁৱৰ যুৱকক...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ হায়দৰাবাদত অসমৰ যুৱকক হত্যা। যুৱকজনক হত্যা কৰিলে নিজ কনিষ্ঠ ভাতৃয়ে। শুকুৰবাৰে সংঘটিত হৈছে এই ঘটনা।

জানিব পৰা মতে নগাওঁ জিলাৰ উৰিয়াগাওঁ আৰু গোমোঠা গাওঁ সীমান্তৰ কলংপাৰৰ নিবাসী নন্দেশ্বৰ বৰাৰ ৩ পুত্ৰৰ ভিতৰত মাজু পুত্ৰ ৰঞ্জন বৰা আৰু কনিষ্ঠ পুত্ৰ সোণমণি বৰাই জীৱিকাৰ তাড়নাত হায়দৰাবাদলৈ গৈছিল। তাতেই দুয়োৱে ছিকিউৰিটি গাৰ্ড হিচাপে কৰ্মৰত হৈ আছিল।

দুই ভাতৃৰ ভিতৰত সোণমণি পূৰ্বৰে পৰা তাত কৰ্মৰত আছিল যদিও ৭ মাহ পূৰ্বে ককায়েক ৰঞ্জন কৰ্মসংস্থাপনৰ বাবে হায়দৰাবাদলৈ গৈ সোণমণিৰ কাষ চাপিছিল। দুয়ো ভাতৃয়ে বাস কৰিছিল একেটা ঘৰতেই।

তাতেই কোনো কথাত বিবাদৰ সূত্ৰপাত হোৱাত ১৭ ফেব্ৰুৱাৰী, শুকুৰবাৰে সোণমণিয়ে ককায়েক ৰঞ্জনক চুৰিৰে পেটত আঘাত কৰে। ফলত হায়দৰাবাদৰ ভাড়া কোঠালিতে মৃত্যু হয় ৰঞ্জনৰ।

এই ঘটনা সংঘটিত কৰাৰ পিছতে স্থানীয় আৰক্ষীৰ ওচৰত আত্মসম্পৰ্ণকৰে ভাতৃহন্তা সোণমণিয়ে। লগে লগে আৰক্ষীয়ে সোণমণিক গ্ৰেপ্তাৰ কৰে। ইফালে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত নগাঁৱৰ বাসগূহলৈ ফোন কৰি পৰিয়ালৰ লোকক সবিশেষ জনাই।

পিছে দৰিদ্ৰ পৰিয়ালটোৱে হায়দৰাবাদৰ পৰা মাজু পুত্ৰ ৰঞ্জন বৰাৰ মৃতদেহ আনিবলৈ অক্ষম। যাৰ বাবে তাতেই ৰঞ্জনৰ অন্তিম সৎকাৰ কৰাৰ সিদ্ধান্ত লয়। অৱশ্যে তাতো আহি পৰে কিছু জটিলতা।

ৰঞ্জনৰ অন্তিম সৎকাৰৰ বাবে হয়দৰাবাদৰ আৰক্ষীক দিব লাগে ১০ হাজাৰ টকা। দৰিদ্ৰ পৰিয়ালটোৱে আৰক্ষীক ১০ হাজাৰ টকা দিবলৈও অক্ষম । সেয়ে হায়দৰাবাদত কৰ্মৰত নগাঁৱৰ পুৰণিগুদামস্থিত এজন যুৱকে তেওঁৰ হাতত থকা ৪ হাজাৰ টকা আৰু তাত কৰ্মৰত হৈ থকা অন্যান্য অসমৰ যুৱকৰ পৰা ধন সংগ্ৰহ কৰি আৰক্ষীক ১০ হাজাৰ টকা দিয়াৰ ব্যৱস্থা কৰে।

সেই অনুসৰিয়েই হায়দৰাবাদতে আৰক্ষীৰ উপস্থিতিত ৰঞ্জনৰ অন্তিম সৎকাৰ হৈ যায়। এই ঘটনাই এতিয়া সমগ্ৰ উৰিয়াগাঁৱত শোকৰ ছাঁ পেলোৱাৰ লগতে চাঞ্চল্য সৃষ্টি কৰিছে।