নগাঁও

একেদিনাই ১৩ টাকৈ পথ নৱীকৰণ কামৰ শুভাৰম্ভ বিধায়ক ৰূপক শৰ্মাৰ

Asomiya Pratidin

ডিজিটেল সংবাদ,নগাঁও : নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত ১৩ টাকৈ পথৰ দেওবাৰে নৱীকৰণৰ কামৰ শুভাৰম্ভ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা। দিনটোতেই নগাঁও সদৰ সমষ্টিৰ নগাঁও চহৰকে ধৰি গ্ৰাম্য অঞ্চলৰো মুঠ ১৩ টাকৈ পথৰ কামৰ শুভাৰম্ভ কৰে বিধায়ক ৰূপক শৰ্মাই।

নগাঁও চহৰৰ গুণাভিৰাম বৰুৱা পথ, গুৰুদ্বাৰ পথ, মাৰোৱাৰী পট্টিৰ পৰা হলধৰ ভূঞা পথৰ নৱীকৰণৰ কামৰ শুভাৰম্ভ কৰে বিধায়ক ৰূপক শৰ্মাই। বিগত কিছুদিন ধৰি জৰাজীৰ্ণ হৈ পৰা নগাঁও চহৰৰ এই গুৰুত্বপূৰ্ণ পথ সমূহ মুখ্যমন্ত্ৰী পথ নৱীকৰণ আঁচনিৰ অধীনত আজি নিৰ্মাণ কাৰ্য্যৰ শুভাৰম্ভ কৰে।

ইয়াৰ উপৰিও নগাঁও ধিং পথৰ পৰা কাৱৈমাৰী পথ, নগাঁও ধিং পথৰ পৰা শিমলুগুৰি পথ,নগাঁও ধিং পথৰ পৰা টকৌবাৰী- উত্তৰ টকৌবাৰী পথ, ম'হমৰীয়া দলং সংলগ্ন পথ, নগাঁও দক্ষিণপাট পথৰ পৰা মধুপুৰ সংলগ্ন পথ, ৰনথলীৰ পৰা ৰজাভেটি আদৰ্শ গাঁও পথ, দেউৰিগাঁৱৰ পৰা ননৈ দক্ষিণপাট পথ, তুলসীমুখৰ পৰা ৰাঙলুমুখ সংলগ্ন পথ, গোমোঠা গাঁৱৰ পৰা ঘাগৰীয়াল পথ, শিমলুগুৰিৰ পৰা ভৰাগাওঁ পথৰ নৱীকৰণৰ কামৰ শুভাৰম্ভ কৰে। শুভাৰম্ভ কৰা নগাঁও সদৰ সমষ্টিৰ ১৩ টাকৈ পথৰেই নৱীকৰণৰ কাম আগন্তক তিনি মাহৰ ভিতৰত সম্পূৰ্ণ হ'ব বুলিও সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰে বিধায়ক ৰূপক শৰ্মাই।

পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰীৰ পথ পকীকৰণৰ কামৰ শুভাৰম্ভ কৰা হ'ব বুলি মন্তব্য কৰে বিধায়ক ৰূপক শৰ্মাই। ৰাজ্যৰ যাতায়ত ব্যৱস্থা সুচল কৰাৰ উদ্দেশ্যেই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী পথ নৱীকৰণ আৰু মুখ্যমন্ত্ৰী পথ পকীকৰণ আঁচনি গ্ৰহণ কৰাৰ বুলিও সংবাদ মাধ্যমৰ সমুখত উল্লেখ কৰে বিধায়ক ৰূপক শৰ্মাই।

আৰু পঢ়ক: আচৰিত! ভূমিকম্পৰ ১২৮ ঘন্টা পাছত ধ্বংসস্তূপৰ মাজৰ পৰা জীৱন্তে ২ মহীয়া শিশু উদ্ধাৰ