নগাঁও

নগাঁও মহাবিদ্যালয়ত আইন সজাগতা সভা সম্পন্ন

Asomiya Pratidin

ডিজিটেল সংবাদ,বেবেজীয়া: নগাঁও মহাবিদ্যালয়ত শনিবাৰে "POSCO act-- facets & Dimensions" শীৰ্ষক এখনি সজাগতা সভা সম্পন্ন হয় ৷ উক্ত সভাখনিত নিদিষ্ট বক্তা হিছাপে উপস্থিত থাকে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অচিন্ত মল্ল বুজৰ বৰুৱা আৰু মধ্য মণ্ডলৰ আই জি পি দেৱজ্যোতি মুখাৰ্জী ৷

তেওঁলোক দুয়োগৰাকীয়ে উপৰোক্ত আইন খনৰ ওপৰত বিশদভাৱে বক্তব্য আগবঢ়াই । সভাত নগাঁও জিলা ও সত্ৰ ন্যায়াধীশ ৰক্তিম দুৱৰা উপস্থিত থাকি আদৰণি ভাষণ আগবঢ়াই। অনুষ্ঠানত জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, কলিয়াৱৰ ৱাৰ এছ’চিয়েচনৰ সভাপতি, নগাঁও ৱাৰ এছ’চিয়েচনৰ সভাপতি, নগাঁও উকিল সন্থাৰ সভাপতি, জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব মনিকা মিছং উপস্থিত থাকি নিজস্ব বক্তব্য আগবঢ়াই ৷

অনুষ্ঠানৰ শেষত সলাগৰ শৰাই আগবঢ়াই নগাঁৱৰ মুখ্য ন্যায়ীক দণ্ডাধীশ প্ৰনৱ শৰ্মাই ৷ অনুষ্ঠানত নগাঁও আদালতৰ প্ৰায় সকল ন্যায়ীক বিষয়া উপস্থিত থাকে ৷