নগাঁও

জাপানীজ এনকেফেলাইটিছে প্ৰাণ কাঢ়িলে কামপুৰৰ এজনৰ

Asomiya Pratidin

ডিজিটেল সংবাদ,কামপুৰ : কামপুৰত জাপানীজ এনকেফেলাইটিছত এগৰাকী লোক আক্ৰান্ত হৈ মৃত্যু হোৱাৰ ঘটনা পোহৰলৈ আহিছে। মৃত লোকজন কামপুৰৰ আটিকামপুৰৰ স্বৰাজ লস্কৰ বুলি জানিব পৰা গৈছে ৷।

উল্লেখ্য যে, মঙ্গলবাৰে জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ কামপুৰৰ এগৰাকী মহিলাৰ মৃত্যু হৈছিল । ইফালে জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হোৱাৰ পিছত স্বৰাজ লস্কৰ(৭০) গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল।

কিন্তু শনিবাৰে লোকজনে চিকিৎসাধীন অৱস্থাতে মৃত্যুক সাৱতি লয় । স্বাস্থ্য বিভাগৰ ফালৰ পৰা অঞ্চলটোত ধোৱা দি ম'হ খেদাৰ চেষ্টা চলাইছে ৷