নগাঁও

নগাঁও জাজৰি আঞ্চলিক ঈদগাহস্থলীত "দুই ৰাকাত ঈদৰ ওয়াজিব নামাজ"

Asomiya Pratidin

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ ৰমজান মাহৰ মাহজোৰা ৰোজাৰ অন্তত বৃহস্পতিবাৰে সমগ্ৰ দেশৰ লগতে অসমতো ঈদ উল ফিতৰ উপলক্ষে ব্যাপক উছাহ দেখা গৈছে। ঈদ উপলক্ষে সকলো ওলাই আহি ঈদৰ নামাজ পঢ়া দেখা গৈছে। প্ৰেম-ভাতৃত্ববোধৰ বাৰ্তাৰে ইজনে আনজনক ঈদৰ শুভেচ্ছা জনাইছে।

বটদ্ৰৱাৰ জাজৰি আঞ্চলিক ঈদগাহ স্থলীত ঈদক লৈ উখল-মাখল পৰিৱেশ। নগাঁও মৰিগাঁও জিলাৰ সীমামূৰীয়া অঞ্চলৰ গুলেস্তান পট্টি, আমোলা পট্টি, মুজাহিদ পট্টি, ইছলাম পট্টি, আজাদ পট্টি, কমলা পট্টি, পট্টি, মনিপুৰ, ইটাকলি, দলংঘাট, ধিং খেল, নিচান তল, পূৱ নিচান তল, চাৰিআলিত আজি ১৭খন গঞা ৰাইজ সমবেত হৈ পৱা "দুই ৰাকাত ঈদৰ ওয়াজিব নামাজ" পঢ়ি বিশ্ব শান্তিৰ বাবে প্ৰাৰ্থনা কৰে। নামাজৰ শেষত জাজৰি ঈদগাহ স্থলীৰ সম্পাদক ইমদাদুল ৰহমানে সকলো ৰাইজক সম্বোধন কৰি পবিত্ৰ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰে।