ৰঙালী বিহুৰ আনন্দ উল্লাসৰ মাজতেই ধিঙত স্প্ৰে চোৰৰ সন্ত্ৰাস...
ৰঙালী বিহুৰ আনন্দ উল্লাসৰ মাজতেই ধিঙত স্প্ৰে চোৰৰ সন্ত্ৰাস... 
নগাঁও

ৰঙালী বিহুৰ আনন্দ উল্লাসৰ মাজতেই ধিঙত স্প্ৰে চোৰৰ সন্ত্ৰাস...

Asomiya Pratidin

ডিজিটেল সংবাদ বটদ্ৰৱাঃ ৰঙালী বিহুৰ আনন্দ উল্লাসৰ মাজতেই নগাঁও জিলাৰ পশ্চিমাঞ্চলৰ বটদ্ৰৱা, ধিং অঞ্চলত চোৰৰ সন্ত্ৰাস চলিছে। বিশেষকৈ ধিঙত স্প্ৰে চোৰে সন্ত্ৰাস সৃষ্টি কৰিছে।

বিগত কেইবামাহ ধৰি ধিঙৰ বহুকেইখন গাঁৱত ধাৰাবাহিকভাৱে সন্ত্ৰাস চলাইছে এই স্প্ৰে চোৰে। যোৱা নিশা ধিঙৰ আউনী আটি সত্ৰৰ নৰাম বৰা নামৰ লোকজনৰ ঘৰত সংঘটিত হয় স্প্ৰে চোৰৰ তাণ্ডৱ।

চাৰিজনীয়া পৰিয়ালটিৰ আটাইকেইজন অচেতন অৱস্থাত উদ্ধাৰ কৰে ওচৰ চুবুৰীয়াই। তাৰ পাছতেই পৰিয়াটোৰ আটাইকেইজনকে ১০৮ সহায়ত ধিং এফ আৰ ইউত ভৰ্তি কৰায় যদিও অৱস্থা অধিক অৱনতি ঘটাত নগাঁৱলৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰে।

ধাৰাবাহিকভাৱে সংঘটিত হৈ থকা এই স্প্ৰে চোৰৰ সন্ত্ৰাস ৰোধ কৰাত চূড়ান্তভাৱে ব্যৰ্থ হোৱা ধিং আৰক্ষীক গৰিহণা দিছে সচেতন মহলে। ইফালে বটদ্ৰৱাৰ বৰহিছা আৰু সৰুহিছা গাঁৱতো বহু কেইটা পৰিয়ালত বিগত সপ্তাহত চোৰৰ সন্ত্ৰাস চলে।