নগাঁও

ৰহাত অচিনাক্ত কিশোৰীৰ মৃতদেহ উদ্ধাৰ

Asomiya Pratidin

ডিজিটেল সংবাদ, ৰহাঃ ৰহাৰ মণিপুৰটোপত এগৰাকী অচিনাক্ত কিশোৰীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। মণিপুৰটোপৰ এঘৰ লোকৰ তামোল বাৰীত উদ্ধাৰ হৈছে প্ৰায় ১৪/১৫ বছৰীয়া কিশোৰীগৰাকীৰ মৃতদেহটো। পুৱা স্থানীয় লোকে মৃতদেহটো পৰি থকা দেখি ৰহা আৰক্ষীক খবৰ দিয়ে আৰু ৰহা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে।

মৃতদেহটো তিনি চাৰি দিন ধৰি পৰি থকাৰ সন্দেহ আৰক্ষীৰ। বৰ্তমানলৈ জানিব পৰা নাই মৃত্যুৰ কাৰণ। উদ্ধাৰ হোৱা নাই কিশোৰীগৰাকীৰ পৰিচয়। ঘটশাস্থলীলৈ ৰাওনা হৈছে ফৰেন্সিকৰ দল। ক'ৰ যুৱতী, কেনেকৈ এই ঠাই পালেহি বা কেনেকৈ মৃত্যু হ'ল সেই লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। এয়া হত্যা নে কি সেয়া মৰণোত্তৰ পৰীক্ষাৰ পিচতহে পোহৰলৈ আহিব। আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে।