নগাঁও

নগাঁৱত উদ্ধাৰ যুৱকৰ মৃতদেহ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ নগাঁও ৰেংবেঙৰ সমীপৰ সৰুপথাৰত উদ্ধাৰ কৰা হৈছে এটা মৃতদেহ। প্ৰাপ্ত তথ্য অনুসৰি মৃতদেহটো যমুনামুখ ডেকেৰুৱাৰ নুৰুল আমিন বাছাৰ নামৰ লোকজনৰ বুলি চিনাক্ত কৰা হৈছে।

কোনো দুৰ্বৃত্তই হত্যা কৰি মৃতদেহটো সেই স্থানত পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে নুৰুল আমিন বাছাৰ পৰিয়ালৰ লোকে। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।