নগাঁও

সত্ৰাধিকাৰ লীলাকান্ত মহন্তৰ মহাপ্ৰয়াণত নগাঁও সত্ৰমহাসভাৰ শোক প্ৰকাশ

Asomiya Pratidin

ডিজিটেল সংবাদ,নগাঁও : অসম সত্ৰ মহাসভাৰ প্ৰাক্তন সভাপতি, শিৱসাগৰ শ্ৰীশ্ৰী বৰখাটপাৰ সত্ৰৰ সত্ৰাধিকাৰ , বিশিষ্ট বৈষ্ণৱ পণ্ডিত পূণ্যশ্লোক লীলাকান্ত মহন্তৰ মহাপ্ৰয়াণত নগাঁও জিলা সত্ৰ মহাসভাই গভীৰ শোক প্ৰকাশ কৰে। ননৈস্থিত শ্ৰীশ্ৰী খুন্দামৰা সত্ৰ প্ৰাঙ্গনত অনুষ্ঠিত হোৱা এখনি শোকসভাত গুণি সত্ৰাধিকাৰজনাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰাৰ লগতে তেখেতৰ বহুধাবিভক্ত গুণৰাজীৰ স্মৃতি চাৰণ কৰা হয়।

জিলা সত্ৰ মহাসভাৰ কাৰ্য্যকৰী সভাপতি তথা সত্ৰাধিকাৰ কুশল চন্দ্ৰ মহন্তৰ সভাপতিত্বত অনুষ্ঠিত হোৱা শ্ৰদ্ধাঞ্জলি অনুস্থানত জিলা সত্ৰ মহাসভাৰ ভালেকেইজন বিষয়ববীয়া, সদস্য ক্ৰমে ভীষ্ম দুৰ্লভ মহন্ত, উৎপল মহন্ত, শুভদেৱ মহন্ত, নিত্যানন্দ মহন্ত, হৰি নাৰায়ণ গোস্বামী, সঞ্জীৱ মহন্ত, গোলাপ মহন্ত, প্ৰেমানন্দ মহন্ত, নকুল মহন্ত , সতী ৰাধিকা মহিলা তীৰ্থৰ কবিতা মহন্ত, ৰেণু মহন্ত, মিলি মহন্ত, আইমণি মহন্ত সমন্বিতে মহাসভাৰ ভালেসংখ্যক আজীৱন সদস্য আৰু গুণমুগ্ধ সকলে পুণ্যাত্মাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে।

সত্ৰ মহাসভাৰ পৰম্পৰাৰে এফাঁকি ঘোষাৰে অসমৰ সত্ৰীয়া সংস্কৃতিলৈ প্ৰভূত বৰঙণি আগবঢ়াই থৈ যোৱা তথা সমগ্ৰ সত্ৰীয়া সমাজ খনৰ অভিভাৱকস্বৰূপ , আধ্যাত্মিক গুৰুজনাৰ সজস্থান প্ৰাপ্তিৰ উদ্দেশ্যে পৰম পিতা পৰমেশ্বৰৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনোৱাৰ লগতে তেখেতৰ সহধৰ্মিণী তথা বিশিষ্ট লেখিকা, সত্ৰীয়া সংস্কৃতিৰ গৱেষিকা ড০ নিৰূপমা মহন্ত সমন্বিতে শোকগ্ৰস্ত পৰিয়ালটোৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে ৷