বেবেজীয়াৰ জামুগুৰিত শতিকা পুৰণি প্ৰাচীন প্ৰতিমূৰ্তি উদ্ধাৰ: অঞ্চলজুৰি চাঞ্চল্য...
বেবেজীয়াৰ জামুগুৰিত শতিকা পুৰণি প্ৰাচীন প্ৰতিমূৰ্তি উদ্ধাৰ: অঞ্চলজুৰি চাঞ্চল্য... 
নগাঁও

বেবেজীয়াৰ জামুগুৰিত শতিকা পুৰণি প্ৰাচীন প্ৰতিমূৰ্তি উদ্ধাৰ: অঞ্চলজুৰি চাঞ্চল্য...

Asomiya Pratidin

ডিজিটেল সংবাদ বেবেজীয়া: নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৱৰ্তী মাজ জামুগুৰিত ২০ ফেব্ৰুৱাৰীৰ পুৱা এটি শতিকা পুৰণি প্ৰতিমূৰ্তি উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ অঞ্চলতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ জানিব পৰা অনুসৰি জামুগুৰি নিবাসী ডিম্বেশ্বৰ নাথ আৰু কুসুমপ্ৰভা দেৱীৰ গৃহত আজি প্ৰায় আশী- নব্বৈ বছৰ পূৰ্বে তেওঁৰ পৰিয়ালৰ লোকে ঘৰত পিঠাগুৰি-কঢ়াইগুৰি-চিৰা আদি জলপান খুন্দিবৰ বাবে ৰূপন কৰিছিল এটি ঢেকি আৰু এটা শিলৰ খুৱলী ৷

তেতিয়াৰে পৰা আজি পৰ্যন্ত সেই ঢেকীশালতে নাথৰ পৰিয়ালৰ লোকে বিভিন্ন সময়ত জা-জলপান আদি প্ৰস্তুতিৰ দিহা কৰি আহিছে ৷ কিন্ত কালি পুৱা হঠাৎ নাথৰ গৃহৰ ঢেকীশালৰ শিলৰ খুৱলীৰ তলত গাত খান্দিবলৈ লওঁতেই উদ্ধাৰ হয় প্ৰভু শ্ৰী ৰাম চন্দ্ৰ , হনুমান আৰু ঋষি খোদিত কৰা এটি শতিকা পুৰণি প্ৰাচীন শিলৰ প্ৰতিমূৰ্তি ৷

লগে লগে নাথৰ পৰিয়ালৰ লোকে প্ৰাচীন এই প্ৰতিমূৰ্তি ভাগ পানীৰে ধুই পখালি চাফচিকুণ কৰি পূজা অৰ্চনাৰ আয়োজন কৰা দেখা যায় ৷ এইলৈ এতিয়া সমগ্ৰ জামুগুৰিতে এক চাঞ্চল্যই বিৰাজ কৰিছে ৷

কোনো কোনো প্ৰতক্ষ্যদৰ্শীয়ে নাথৰ পৰিয়ালৰ বাবে এইয়া এক ভাল খবৰ বুলি ক'ব খোজাৰ বিপৰীতে এইয়া ভগৱানৰ এক ঐশ্বৰিক শক্তিৰ বুলি গণ্য কৰিছে ৷ আনহাতে একাংশ সচেতন লোকে এইয়া তাহানিতে কোনো মন্দিৰৰ প্ৰতিমূৰ্তি বুলি অভিহিত কৰিব খুজিছে।

এতিয়া সময়হে ক'ব প্ৰকৃততে নাথৰ বাসগৃহৰ ঢেকীশালৰ খুৱলীৰ তলত এই শতিকা পুৰণি প্ৰাচীন প্ৰতিমূৰ্তি ভাগ কৰপৰা কেনেকৈ আহিল সেইয়া লৈ এতিয়া তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে ৷