নগাঁও

সজাগতা সৃষ্টিৰে বৰদোৱা সত্ৰৰ পৰা মধুপুৰ সত্ৰলৈ পদযাত্ৰা বিপিন চন্দ্ৰ খনিকৰৰ

Asomiya Pratidin

ডিজিটেল সংবাদ,কলিয়াবৰঃ জ্যেষ্ঠ নাগৰিকসকলৰ মনোবল বৃদ্ধিৰ লগতে সুস্বাস্থ্যৰ সজাগতাৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পদাংক অনুকৰণ কৰি নগাঁও জিলাৰ বৰদোৱা সত্ৰৰ পৰা কোচবিহাৰৰ মধুপুৰ সত্ৰলৈ খোজ কাঢ়ি যাত্ৰা কৰিলে কলিয়াবৰৰ এজন জ্যেষ্ঠ নাগৰিকে। যোৱা ১৬ নৱেম্বৰত বৰদোৱাৰ পৰা পদব্ৰজে যাত্ৰা আৰম্ভ কৰি সুদীৰ্ঘ ২৫ দিনৰ মূৰত মধুপুৰ সত্ৰত উপস্থিত হ'লগৈ ৭১ বছৰীয়া বিপিন চন্দ্ৰ খনিকৰ নামৰ লোকজন।

প্ৰায় ৪৫০ কিলোমিটাৰ খোজকাঢ়ি বৰদোৱাৰ পৰা মধুপুৰ সত্ৰত উপস্থিত হোৱা লোকজনে জ্যেষ্ঠ নাগৰিক সকলৰ মনোবল বৃদ্ধি আৰু স্বাস্থ্য ৰক্ষাৰ বাবে যাত্ৰাপথত চলালে সজাগতা। ২৫ দিন খোজকাঢ়ি নগাঁৱৰ পৰা কোচবিহাৰৰ মধুপুৰ পালেগৈ কলিয়াবৰৰ উলুৱনীৰ বিপিন চন্দ্ৰ খনিকৰ।

বুধবাৰে পুৱা সত্ৰখনৰ সত্ৰাধিকাৰক তেওঁ সাক্ষাৎ কৰাৰ লগতে আশীৰ্বাদ লয়।বয়োজ্যেষ্ঠ লোকজনৰ এই প্ৰয়াসৰ বাবে মধুপুৰ সত্ৰৰ সত্ৰাধিকাৰ প্ৰমুখ্যে সত্ৰবাসীয়ে শলাগ লয়। প্ৰতিদিনে পুৱা ৭ বজাৰ পৰা বিয়লি ৫ বজালৈকে প্ৰায় ৩০ কিলোমিটাৰ খোজকাঢ়ি ঠায়ে ঠায়ে নিশা কটাই সুদীৰ্ঘ দূৰত্বৰ যাত্ৰা সম্পূৰ্ণ কৰিলে লোকজনে।

উল্লেখ্য যে,বিপিন চন্দ্ৰ খনিকৰে ২০১০ চনত কৃষি বিভাগৰ সহকাৰী পৰিদৰ্শক হিচাপে অৱসৰ গ্ৰহণ কৰিছিল। লগতে তেওঁ এগৰাকী খেলুৱৈ হিচাপেও অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছিল।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত জ্যেষ্ঠ নাগৰিকৰ খোজকঢ়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সফলতা অৰ্জন কৰিছিল খনিকৰে। ইয়াৰ পূৰ্বে তেওঁ ঢলা-শদিয়া ডঃ ভূপেন হাজৰিকা সেঁতু খোজকাঢ়ি পাৰ হৈছিল।