নগাঁও

কঠীয়াতলীত বিহু নৃত্যৰ কৰ্মশালা

Asomiya Pratidin

ডিজিটেল সংবাদ, কামপুৰঃ বিগত বৰ্ষৰ দৰে চলিত বৰ্ষটো কঠীয়াতলী "মৃদংগ নৃত্যাংগন বিদ্যালয়"আৰু কঠীয়াতলী "বৰলুইত বাৰ্তা"ৰ সহযোগত কঠীয়াতলীত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এক বিহু নৃত্য কৰ্মশালাৰ বুধবাৰৰ পৰা অনুষ্ঠিত কৰা হৈছে।দহদিনীয়াকৈ অনুস্থিত কৰা এই উক্ত কৰ্মশালাখনি আজি এক গাম্ভীৰ্য্য পূৰ্ণ অনুষ্ঠানৰ মাজত বন্তুি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰে "ডুগডুগীৰ "স্বত্বাধিকাৰী তথা বিশিষ্ট সমাজসেৱক উৎপল বনীয়াই।

উক্ত অনুস্থানটিৰ শুভাৰাম্ভনি কায্যসূচীত উপস্থিতি থাকে কঠীয়াতলী উচ্চতৰ মাধ্যমিকৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ জীতেন্দ্ৰ নাথ হাজৰিকা ;আয্যভট্ৰ বিজ্ঞান কেন্দ্ৰৰ সমন্বয়ক নজিবুৰ ৰহমান, সাংবাদিক ঘন কান্ত বৰা, মৃদংগ নৃত্যাংগ বিদ্যালয়ৰ সঞ্চালিকা নিজৰা ডেকা বৰা, বিশিষ্ট সমাজকৰ্মী নৃপেন শৰ্মা আদি উপস্থিত থাকে।অনুষ্ঠানটোৰ আঁত ধৰে সাংবাদিক মুক্তিকাম লস্কৰে।