নগাঁও

ৰাইডঙীয়া নাহৰহটীয়া বৰনামঘৰত ভাগৱত পাঠ, ব্যাখ্যা অনুষ্ঠান আৰম্ভ...

Asomiya Pratidin

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত ৰাইডঙীয়া নাহৰহটীয়া বৰনামঘৰ পৰিচালনা সমিতিৰ ব্যৱস্থাপনাত বাৰ্ষিক সেৱাৰ লগত সংগতি ৰাখি বৃহস্পতিবাৰৰ পৰা ভাগৱত পাঠ, ব্যাখ্যা অনুষ্ঠান আৰম্ভ হৈছে। চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ৰাইডঙীয়া নাহৰহটীয়া গাঁৱৰ বৰনামঘৰত আজি প্ৰথম দিনাই জাতীয় সাজ পৰিধান কৰি অহা শ শ ভকত বৈষ্ণৱৰ আগমনত উখল-মাখল পৰিবেশৰ সৃষ্টি হয়।

কাৰ্যসূচী অনুসৰি পুৱা অঞ্চলটোৰ শ শ যুৱক-যুৱতী, জ্যেষ্ঠ কনিষ্ঠ সকলো একত্ৰিত হৈ ভাগৱত ভ্ৰমণ কৰে। সম্পূৰ্ণ ধৰ্মীয় পৰম্পৰাৰে আধ্যাত্মিক পৰিবেশৰ মাজেৰে কৰা এই ভাগৱত পাঠৰ শোভাযাত্রাত হৰি নামকীৰ্তনৰ ধ্বনিৰে আকাশ বতাহ মুখৰিত হৈ পৰে। পুৱা ভাগৱত শোভাযাত্ৰাৰ পতাকা উত্তোলন কৰে নৰেন দাসে । বন্তি প্ৰজ্বলন কৰে ৰামেশ্বৰ দাসে।

ইয়াৰ পিছতেই ভাগৱত পাঠ আৰম্ভ কৰে পাঠক উমা হাজৰীকাই ৷ দুলশ্বৰ বাপ আৰু ৰেৱত কুমাৰ মহন্তৰ তত্বাৱধানত খোল বাদন কৰে গায়ন-বায়ন সকলে। উল্লেখ্য যে, ১৬ জুলাইত ভাগৱত পাঠ সামৰণিৰ পাছত নিশা ভক্ত প্ৰহ্লাদ ভাওনা প্ৰদৰ্শন কৰিব গাঁৱৰ ৰাইজে।