নগাঁও

আই কনকলতা মহিলা তীৰ্থৰ প্ৰতিষ্ঠা দিৱস উদযাপন

Asomiya Pratidin

ডিজিটেল সংবাদ, বেবেজীয়াঃ সদৌ অসম সত্ৰ মহাসভাৰ ভগ্নী সংগঠন আই কনকলতা মহিলা তীৰ্থ ,অসমৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস দেওবাৰে নগাঁও জিলাৰ উত্তৰ হয়বৰগাঁও বৰনামঘৰত মহিলা তীৰ্থৰ নগাঁও জিলা সমিতিৰ সহযোগত উদযাপন কৰা হয়। পুৱা পতাকা উত্তোলনৰে প্ৰতিষ্ঠা দিৱসৰ শুভাৰম্ভ কৰে মহিলা তীৰ্থৰ কাৰ্যকৰী সভানেত্ৰী ডলী গোস্বামীয়ে। আই কনকলতাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে নামঘৰৰ ভকত কুশ কাকতিয়ে।

পুৱা ৯ বজাত নাম প্ৰসঙ্গ অনুষ্ঠিত হোৱাৰ পিছত প্ৰতিনিধি সভা অনুষ্ঠিত হয়। দুপৰীয়া মুকলি সভা অনুষ্ঠিত হয়। মহিলা তীৰ্থৰ সভানেত্ৰী ড: মন্দিৰা শৰ্মাই আদৰণি ভাষণ প্ৰদান কৰা সভাখন উদ্ধোধন কৰে উত্তৰ হয়বৰগাঁও বৰনামঘৰ পৰিচালনা সমিতিৰ সভাপতি ৰমেশ গোস্বামীয়ে। সভাত মূখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি গুৱাহাটী আৰু তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ড :প্ৰদীপজ্যোতি মহন্তই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱন দৰ্শনৰ বিষয়ে উল্লেখ কৰি ভক্তি আন্দোলনৰ জৰিয়তে শংকৰদেৱে সমাজ ৰূপান্তৰৰ নেতৃত্ব দিছিল। আই কনকলতাই কেনেকৈ ঘাত -প্ৰতিঘাতৰ মাজেৰে গুৰুজনাৰ জন্মস্থান সংৰক্ষণৰ পদক্ষেপ গ্ৰহণ কৰিছিল সেই বিষয়ে উল্লেখ কৰে।

প্ৰসঙ্গক্ৰমে মহন্তই আই পদ্মপ্ৰিয়াৰ কথাও উল্লেখ কৰে। সভাত নগাঁও ছোৱালী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড:বলীন কুমাৰ ভূঞা , গোৱালপাৰা মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ ড: হেমন্ত কুমাৰ কলিতা ,সদৌ অসম সত্ৰ মহাসভাৰ উপসভাপতি শৈল্যেন্দ্ৰ গোস্বামী আদি কেবাগৰাকী বিশিষ্ট লোকে অংশগ্ৰহণ কৰে। সভাতেই ড:নিৰুপমা মহন্ত, লীলাৱতী কুশ্ৰে, হেমপ্ৰভা চুতীয়া, ড: অমিয়া মহন্ত, স্বৰ্ণ বৰুৱা গগৈ , অনুপমা শৰ্মা বৰুৱা , ড:অমিয়া ৰাজবংশীক সম্বৰ্ধনা জনোৱা হয়।

সভাত মহিলা তীৰ্থৰ মুখপত্ৰ আৰু কলকাতাৰ শান্তিনিকেতনত অনুষ্ঠিত হোৱা ' শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ সৃষ্টিকৰ্ম আৰু বিশ্বজনীনতা ' শীৰ্ষক আলোচনা চক্ৰৰ পূৰ্ণাংগ পত্ৰ সমূহৰ সম্বলিত গ্ৰন্থ উন্মোচন কৰা হয়। সমগ্র অনুষ্ঠানৰ আঁতধৰে মহিলা তীৰ্থৰ সাধাৰণ সম্পাদিকা ড:অমিয়া পাটৰে।