নগাঁও

উদুলি মুদুলি গুৰুজনাৰ জন্মস্থান বটদ্রৱাৰ দৌল উৎসৱ

Asomiya Pratidin

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ শংকৰ গুৰুজনাই ফাল্গু পূৰ্ণিমাত বটদ্ৰৱাত পোন প্রথম বাৰৰ বাবে ফাল্গু উৎসৱ অৰ্থাৎ ফাকুৱা পাতি গোবিন্দ গোসাঁইমুৰত ফাকু দি অনুপম আনন্দদায়ক ফাল্গুৎসৱৰ পাতনি মেলিছিল। তাহানিতে গুৰুজনে দেখুৱাই যোৱা মহান ঐতিহ্যক সৰোগত কৰি পৰম্পৰাগত ধৰ্মীয় সাংস্কৃতিক ৰীতি নীতিক মূল ভেটি হিচাপে লৈ বটদ্রৱা ৫দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আড়ম্বৰপূৰ্ণ ভাৱে চলি আছে দৌল উৎসৱ।

মঙলবাৰে কাৰ্যসূচীৰ তৃতীয় দিনা ভকত-বৈষ্ণৱে সিংহাসনত বহুৱাই বংশী গোপাল গোসাঁইক কান্ধত লৈ বৰ্ণাঢ্য দৃষ্টিনন্দন সাংস্কৃতিক সমন্বয়ৰ সমাহাৰেৰে ফাকুৰ গুড়ি সিঁচি দৌললৈ যাত্রা কৰে। দৌল মন্দিৰত গোসাঁইক পূজা অৰ্চনা দি সাত পাক পদক্ষিণ কৰোৱা লগতে বিভিন্ন প্ৰান্তৰ পৰা সমবেত হোৱা শত সহস্ৰ ভকত বৈষ্ণৱে ফাকু খেলি হৰি নামৰ অমৃত ৰসৰ মাজেৰে ৰং ধেমালি কৰি নৃত্য গীতত বিলিন হৈ এক আধ্যাত্মিক পৰিবেশৰ সূচনা কৰে। শিশু বৃদ্ধ সকলোৱে আনন্দত আত্মহাৰা হৈ কৃষ্ণ নামৰে দ্বিতীয় বৈকুণ্ঠ বটদ্ৰৱা আকাশ বতাহ মুখৰিত কৰি তোলে।