নগাঁও

অসম কৃষি বিশ্ববিদ্যালয়ৰ ৫৫ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন...

Asomiya Pratidin

ডিজিটেল সংবাদ, বটদ্ৰৱা: অসম কৃষি বিশ্ববিদ্যালয়ৰ ৫৫ সংখ্যক প্ৰতিষ্ঠা দিৱস। কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ তত্বাৱধনত "গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আচঁনি-২০২৩"ৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা শণিবাৰে নগাঁও জিলাৰ শিমলুগুৰি স্থিত কৃষি বিজ্ঞান কেন্দ্ৰত অসম কৃষি বিশ্ববিদ্যালয়ৰ ৫৫ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰা হয়।

প্ৰতিষ্ঠা দিৱস পালন উপলক্ষে অনুষ্ঠিত অনুষ্ঠানটিৰ আৰম্ভণিতে বিশ্ববিদ্যালয়ৰ পতাকা উত্তোলন কৰে কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ মুৰব্বী ড০ নিৰঞ্জন ডেকাই। গছ পুলি ৰোপণ, সজাগতা যাত্ৰা আদি কাৰ্যসূচীৰ পাছত অনুষ্ঠিত সভাত কৃষি বিশ্ববিদ্যালয়ৰ গৌৰৱজ্বল যাত্ৰাৰ সবিশেষ বৰ্ণনা কৰে ড০ নিৰঞ্জন ডেকাই।

অনুুুষ্ঠানত গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনি-২০২৩ ৰ ছাত্ৰ-ছাত্ৰী সকলৰ দ্বাৰা সমবেত সংগীত আৰু অন্যান্য সাংস্কৃতিক কাৰ্যসূচী প্ৰদৰ্শন কৰা হয়। তদুপৰি কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ বিজ্ঞানী ড০ অনিমেশ ডেকা, ড০ চিংকি বৰ্মন, দ্বীপেন চন্দ্ৰ নাথ, শংকুমনি শৰ্মাৰ লগতে নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ খেতিয়ক ৰাইজ উপস্থিত থাকে।