অসম

১৭ মাহে নাই দৰমহাঃ কাইলৈৰ পৰা আকৌ অনশনত বহিব নগাঁও কাগজ কলৰ কৰ্মচাৰী

asomiyapratidin

ডিজিটেল সংবাদ, জাগীৰোডঃ হিন্দুস্থান কাগজ নিগমৰ অধীনস্থ নগাঁও আৰু কাছাৰ কাগজ কলক কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে আজিলৈকে পুনৰ উজ্জীৱিতকৰণৰ বাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে।

তাৰেই প্ৰতিবাদত কাইলৈৰ পৰা অনশন কাৰ্যসূচী ৰূপায়ন কৰিব কাগজ কলৰ কৰ্মচাৰীসকলে। নগাঁও কাগজ কলৰ কাগজ নিগম কৰ্মী ইউনিয়নে ঘোষণা কৰা মতে, জাগীৰোডৰ বিভিন্ন দল-সংগঠনৰ সহযোগত ১৪ আগষ্টৰ দিনৰ ২বজাৰ পৰা ১৫ আগষ্টৰ আবেলি ৫ বজালৈ এই অনশন কাৰ্যসূচী অব্যাহত ৰাখিব।

প্ৰায় ১৭ মাহ ধৰি বন্ধ হৈ থকা নগাঁও কাগজ কল আৰু কাছাৰ কাগজ কলক পুনৰ কাৰ্যক্ষম কৰাৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ লগত কেইবাবাৰো আলোচনা কৰা হৈছে যদিও এই আলোচনাই কোনো সুফল দিয়া নাই।

মাথো আশ্বাসতে বৰ্তি থকা এই আলোচনাক লৈ ক্ষোভ প্ৰকাশ কৰিছে কাগজ নিগম কৰ্মী ইউনিয়নে। প্ৰাপ্য দৰমহা আৰু নগাঁও আৰু কাছাৰ কাগজ কল দুটা পুনৰ কাৰ্যক্ষম কৰাৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে প্ৰতিবাদকাৰী কৰ্মীসকলে।