অসম

তিৱা সকলৰ বহাগ বিহুক লৈ নগাঁঁৱৰ কঠিয়াতলীত উলহ মালহ পৰিৱেশ, চাওক VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, কামপুৰঃ আজি মধ্য অসমৰ তিৱা জনগোষ্ঠীৰ লোক সকলৰ বহাগ বিহু। পৰম্পৰাগত ভাৱে মধ্য অসমৰ তিৱা জনগোষ্ঠীৰ লোক সকলে বহাগ মাহৰ প্ৰথমটো মঙলবাৰে উৰুকা আৰু প্ৰথমটো বুধবাৰে গৰু বিহু হিচাপে পালন কৰে।

নগাঁৱৰ কঠিয়াতলী নামবৰ লালুংগাঁও আৰু উপবৰ লালুংগাঁৱতো পালন কৰা হয় গৰু বিহু৷ পুৱাই প্ৰতিঘৰ গৃহস্থৰ পদুলিত জাক দি পূজা অৰ্চনা কৰি মাহ হালধিৰে গৰুক নুৱাই ধোৱাই শ্ৰীবৃদ্ধি কামনা কৰে৷

লগতে কৃষি ভিত্তিত হিচাপে পালন কৰা বহাগ বিহুত গৰুক পূজা অৰ্চনা কৰি খেতিৰ শস্য নদন বদন হোৱাৰ আশা কৰাৰ লগতে পূজাত কুকুৰা বলি দি নিজৰ জীৱ জন্তু সমূহৰ কুশল মঙ্গল কামনা কৰে তিৱা জনগোষ্ঠীৰ লোক সকলে।