অসম

‌কোভিড পৰীক্ষাৰ ৰিপৰ্ট নাইঃ ৩ দিন মৰ্গত ৰখাৰ অন্ততহে নগাঁৱত ২ মৃতদেহৰ সৎকাৰ…

asomiyapratidin

ডিজিটেল সংবাদ, নগাওঁঃ নগাওঁ জিলাৰ তিনিজনকৈ লোক কোভিড-১৯ ত আক্ৰান্ত হোৱাৰ খবৰে সৃষ্টি কৰা আতংকময় পৰিস্থিতিৰ মাজতে ২০ মে' ত মৃত্যু হোৱা দুজন লোকৰ কোভিড-১৯ নিগেটিভ হোৱাত নগাওঁ জিলা স্বাস্থ্য বিভাগে স্বস্তিৰ নিশ্বাস পেলাইছে। উল্লেখ্য যে, জিলাখনৰ ননৈ বাদল গাঁৱৰ জিতু শৰ্মা আৰু জুৰীয়া তেলীয়া বেবেজীয়া গাঁৱৰ প্ৰদীপ নাথ নামৰ লোক দুজন জ্বৰত আক্ৰান্ত হোৱাত তেওঁলোকক নগাওঁ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসাললৈ অনা হয় যদিও চিকিৎসকে তেওঁলোকক মৃত বুলি ঘোষণা কৰে।

স্বাস্থ্য বিভাগে তেওঁলোকৰ স্বাৱৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে যোৰহাট মেডিকেল কলেজ এণ্ড হাস্পতাললৈ প্ৰেৰণ কৰে। তদুপৰি লোক দুজনৰ মৃতদেহ চিকিৎসালয়খনৰ মৰ্গতে ৰাখিছিল। শনিবাৰে পুৱাৰ ভাগত তেওঁলোকৰ নমুনাৰ প্ৰতিবেদনত কোভিড-১৯ নিগেটিভ অহাত জিলা স্বাস্থ্য বিভাগে তেওঁলোকৰ মৃতদেহ পৰিয়ালৰ লোকক চমজাই দিয়ে। দুয়োটা পৰিয়ালে দুয়োজনৰ মৃতদেহ নিজৰ নিজৰ এলেকাত সামাজিক দূৰত্ব বজায় সৎকাৰ কৰে বুলি জানিব পৰা গৈছে।

ইপিনে বহিঃ ৰাজ্যত কৰ্মৰত নগাঁৱৰ লোকসকল ক্ৰমশঃ নগাঁৱলৈ ঢাপলি মেলিছে। শনিবাৰে বহিঃ ৰাজ্যৰ পৰা নগাঁৱলৈ ১৩৫ জন লোক আহিছে। ইয়াকে লৈ নৱম দিনা (শনিবাৰ) লৈকে জিলাখনলৈ ১১২২ গৰাকী লোক আহিছে। শনিবাৰে অহা লোকসকলক জিলা প্ৰশাসনে স্থাপন কৰা কোৱাৰেণ্টাইন কেন্দ্ৰ সমূহত কোৱাৰেণ্টাইন কৰা হৈছে। ইতিমধ্যে জিলাখনৰ কোৱাৰেণ্টাইন কেন্দ্ৰসমূহত থকা ৭৩ জন লোকক বিভাগীয় নীতি অনুসৰি কোৱাৰেণ্টাইনৰ ম্যাদ শেষ হোৱাত ৰিলিজ কৰি দিয়ক হৈছে।

শনিবাৰে জিলাখনৰ কন্দলি আদৰ্শ চিকিৎসালয়ত পশ্চিম বংগ, মহাৰাষ্ট্ৰ ৰ পৰা অহা ৭ জন লোকক কন্দলি আদৰ্শ চিকিৎসালয়ত নতুনকৈ আছুতীয়া কক্ষত ৰখা হৈছে। জিলা প্ৰশাসনে স্থাপন কৰা কোৱাৰেণ্টাইন কেন্দ্ৰ সমূহৰ বাহিৰে উজৰা গাঁও আদৰ্শ চিকিৎসালয়ত ১৪জন, মোৱামাৰিত ১১ জন, কন্দলি চিকিৎসালয়ত ২২ জন, ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ২৭জন লোকক আছুতীয়া কক্ষত ৰখা হৈছে। শনিবাৰলৈকে নগাওঁ জিলাত ৫৭২৩ গৰাকীক হ'ম কোৱাৰেণ্টাইন কৰা হৈছে।