অসম

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে নগাঁৱৰ পুৰণিগুদামত ছাত্ৰ সমাজৰ প্ৰতিবাদ…

asomiyapratidin

ডিজিটেল সংবাদ, চামগুৰি: জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যৰ লগতে নগাঁৱৰ পুৰণিগুদামতো অব্যাহত আছে তীব্ৰ প্ৰতিবাদ। নগাঁও জিলাৰ পুৰণিগুদামৰ একমাত্ৰ উচ্চ শিক্ষাৰ অনুষ্ঠান পুৰণিগুদাম ড০ বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উদ্যোগত বুধবাৰে দুপৰীয়া ছাত্ৰ-ছাত্ৰী সকলে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ।

ছাত্ৰ একতা সভাৰ উদ্যোগত মহাবিদ্যালয়ৰ সন্মুখভাগত প্ৰায় শতাধিক ছাত্ৰ-ছাত্ৰী বহি সাব্যস্ত কৰে তীব্ৰ বিক্ষোভ কাৰ্যসূচী। আনহাতে, প্ৰতিবাদী ছাত্ৰ সমাজে কোনো পৰিস্থিতিতে নাগৰিকত্ব সংশোধনী বিধেয়ক মানি নলওঁ বুলি হুংকাৰ প্ৰদান কৰে।