অসম

লাভলীনা বৰগোহাঁইলৈ শুভেচ্ছা জনাই আকাশমাৰ্গতে নিৰ্মাণ কৰিলে প্ৰতীকি মূৰ্তি…

asomiyapratidin

ডিজিটেল সংবাদ, পুৰণিগুদাম: অসম জীয়ৰী লাভলীনা বৰগোহাঁইৰ সাফল্যত উৎফুল্লিত হৈ লাভলীনা বৰগোহাঁইক শুভেচ্ছা জনাই আকাশমাৰ্গতে নিৰ্মাণ কৰিলে এক বিশেষ প্ৰতীকি মূৰ্ত্তি । অসম তথা ভাৰতৰ মান ৰাখি টকিঅ অলিম্পিকত পদক আঁজুৰি আনিবলৈ সক্ষম হোৱা অসম জীয়ৰী লাভলীনা বৰগোহাঁইৰ বাবে নগাঁৱৰ পুৰণিগুদামৰ মৃৎ শিল্পী পাৰ্থ প্ৰতিম বৰুৱাই আকাশমাৰ্গতে অসমৰ মাটিৰেই নিৰ্মাণ কৰিছে এক বিশেষ প্ৰতীকী মূৰ্ত্তি ৷

য'ত প্ৰতিষ্ঠা কৰা হৈছে অসমৰ বিহুৱানৰ লগতে ভাৰতৰ ৰাষ্ট্ৰীয় পতকা ৷গুৱাহাটীৰ পৰা দিল্লীলৈ ৰাওনা হোৱা সময়ত পাৰ্থপ্ৰতিম বৰুৱাই নিৰ্মান কৰে এই প্ৰতীকি মূ্ৰ্ত্তি আৰু টকিঅ' অলিম্পিকৰ পৰা ঘূৰি অহা পথত নতুন দিল্লীতে লাভলীনা বৰগোহাঁইক সাক্ষাৎ কৰি এই প্ৰতীকি মূৰ্ত্তি প্ৰদান কৰিব শিল্পী গৰাকীয়ে ।