অসম

ৰাজেন গোহাঁইৰ যৌন কেলেংকাৰীক লৈ আজিও উত্তাল নগাঁও

asomiyapratidin

ডিজিটেল সংবাদ, নগাঁওঃ ৰাজেন গোহাঁইৰ যৌন কেলেংকাৰীক লৈ আজিও উত্তাল হৈ আছে নগাঁও৷ দেওবাৰে মন্ত্ৰীগৰাকীৰ গৃহ জিলাত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দাহ কৰে কেন্দ্ৰীয় ৰে'ল ৰাজ্য মন্ত্ৰীজনৰ পুত্তলিকা৷ চহৰখনৰ কৃষ্ণাইঘাটত ৰাজেন গোহাঁইক গ্ৰেপ্তাৰৰ দাবীত সংগঠনটোৰে নগাঁও জিলা সমিতিয়ে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ।

কেন্দ্ৰীয় ৰে'ল ৰাজ্য মন্ত্ৰীজনককৃষক শ্ৰমিক উন্নয়ন পৰিষদ নামৰ সংগঠনটোৱেও গ্ৰেপ্তাৰৰ দাবী তুলিছে। ৰাজেন গোহাঁইক কেন্দ্ৰীয় মন্ত্ৰী পদৰ পৰা বহিষ্কাৰ কৰাৰ দাবী তুলি সংগঠনটোৱে প্ৰাণৰ ভয়ত ৰাজেন গোহাঁইৰ বিৰুদ্ধে বলাত্কাৰৰ গোচৰ দিয়া মহিলাগৰাকীৰ পৰিয়ালে আত্মগোপন কৰিবলৈ বাধ্য হৈ পৰিছে বুলি অভিযোগ কৰে।

সংগঠনটোৰ সদস্যসকলে ৰাজেন গোহাঁইৰ গুণ্ডা বাহিনীয়ে মহিলাগৰাকীৰ পৰিয়ালক হত্যাৰ ভাবুকি প্ৰদান কৰাৰ অভিযোগ তুলি নিৰাপত্তা সুনিশ্চিত কৰিবলৈ নগাঁও আৰক্ষীক দাবী জনায়৷