অসম

চোৰৰ লক্ষ্য নগাঁও প্ৰেছ ক্লাৱ…

asomiyapratidin

ডিজিটেল সংবাদ, নগাঁও: নগাঁও চহৰত বৃদ্ধি পাইছে চুৰিৰ ঘটনা। বিশেষকৈ নগাঁও চহৰৰ টাউন ইটাচালী আৰক্ষী চকীৰ অন্তৰ্গত এলেকাসমূহত ব্যাপক হাঁৰত বৃদ্ধি পাইছে চুৰি-ডকাইটিৰ ঘটনা। শেহতীয়াকৈ নগাঁৱৰ ইটাচালী আৰক্ষী চকীৰ অন্তৰ্গত নতুন বজাৰস্থিত নগাঁও প্ৰেছ ক্লাৱত শনিবাৰে দিন-দুপৰতে চোৰে এটি দমকল চুৰি কৰি নিয়ে। এই সংক্ৰান্তত নগাঁও প্ৰেছ ক্লাৱৰ সাধাৰণ সম্পাদক অজিত কুমাৰ শইকীয়াই নগাঁৱৰ ইটাচালী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে। পূৰ্বতেও নগাঁও প্ৰেছ ক্লাবত চোৰে হাত চাফাই কৰিছে যদিও আৰক্ষীয়ে চোৰক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই ৷