অসম

ওৱান ইন্দিয়া ফেমিলী মাৰ্ট নগাঁৱৰ উদ্যোগত কনকন শিশু সকলক মাজত চিত্ৰাংকন, সংগীত আৰু নৃত্য প্ৰতিযোগিতা

asomiyapratidin

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ আগন্তুক শাৰদীয় দুৰ্গোৎসৱ উপলক্ষে ওৱান ইন্দিয়া (1 India) ফেমিলী মাৰ্ট নগাঁৱৰ উদ্যোগত দেওবাৰে দিনযোৰা কাৰ্য্যসূচীৰে কনকন শিশু সকলক মাজত চিত্ৰাংকন প্ৰতিযোগিতা, সংগীত আৰু নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয়। সেই মৰ্মে নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ শতাধিক কনকন শিশুৰ উপস্থিতিত ওৱান ইন্দিয়া (1 India) ফেমিলী মাৰ্ট নগাঁৱৰ চোতালত এক উখল-মাখল পৰিবেশৰ সৃষ্টি হয়।

প্ৰতিযোগিতাৰ অন্তত বঁটা বিতৰণী অনুষ্ঠানত চিত্ৰাংকন, সংগীত আৰু নৃত্য প্ৰতিযোগিতাৰ বিজয়ী সকলক ওৱান ইন্দিয়া (1 India) ফেমিলী মাৰ্ট নগাঁঁৱৰ প্ৰবন্ধক আশ্বিক হুছেইন, সাংবাদিক দিব্যজ্যোতি বৰুৱা, শিল্পী তৃতীষা ভৰালী, জিয়া শইকীয়াৰ উপস্থিতিত পুৰস্কৃত কৰা হয়। জিলাখনৰ বিভিন্ন বিদ্যালয়ত অধ্যয়নৰত দহ বছৰ অনুৰ্ধৰ শিশু সকলৰ অংগ্ৰহণেৰে অনুষ্ঠিত অনুষ্ঠানটিত পাঁচ শতাধিক লোক উপস্থিত থাকে।