অসম

নগাঁৱত নৱ-নিৰ্মিত পথ মুকলি কৰিলে উপায়ুক্তই

asomiyapratidin

ডিজিটেল ডেস্কঃ নগাঁৱৰ ডিমৰুগুৰিত আজি এটি নৱ-নিৰ্মিত পথ মুকলি কৰা হয়। নৱ-নিৰ্মিত পথটি মুকলি কৰে নগাঁও জিলা উপাযুক্ত বিশ্বজিৎ পেগুয়ে।

পথটো নিৰ্মাণ কৰে গ্ৰামোন্নয় বিভাগে। ডিমৰুগুৰি গাঁও পঞ্চায়ত অধীনত নিৰ্মাণ কৰা হৈছে আমতলা পথটি। উক্ত পথটি নিৰ্মাণ হোৱাত সন্তুষ্টি ব্যক্ত কৰিছে অঞ্চলবাসীয়ে।

দীৰ্ঘদিন ধৰি এই অঞ্চলৰ লোকসকলে যাতায়তৰ ক্ষেত্ৰত বহু সমস্যাৰ সন্মুখীন হৈ আহিছে। এই পথটো নিৰ্মাণেৰে অঞ্চলবাসীৰ দীৰ্ঘদিনীয়া এক সমস্যা আতৰ হ'ল।