অসম

নগাঁও জিলা ঔষধ ব্যৱসায়ী সন্থাৰ সাধাৰণ সভা সম্পন্ন…

asomiyapratidin

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলা ঔষধ ব্যৱসায়ী সন্থাৰ ত্ৰি-বাৰ্ষিক সাধাৰণ অধিবেশনখন দেওবাৰে অনুষ্ঠিত হয়। নগাঁও চহৰৰ আমোলাপট্টি নাট্য মন্দিৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত ঔষধ ব্যৱসায়ী সন্থাৰ ত্ৰি-বাৰ্ষিক অধিবেশন খনত মুখ্য অতিথি ৰূপে উপস্থিত থাকি নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই কয় যে- কিতাপৰ ব্যৱসায় আৰু ঔষধৰ ব্যৱসায় হ'ল সমাজখনৰ উপকাৰৰ কাম কৰিব পৰা দুটা মুখ্য ব্যৱসায় ৷

এই দুটা ব্যৱসায়ৰ লগত পৃথিৱীত মানুহৰ জয়যাত্ৰাৰ উত্তৰণৰ কথা জড়িত হৈ আছে ৷ সভাত বিশিষ্ট অতিথি হিছাপে উপস্থিত থাকি ৰাজ্যৰ যুটীয়া ঔষধ নিয়ন্ত্ৰক হৃদয়ানন্দ মহন্তই প্ৰসূতি আৰু শিশুৰ প্ৰতিষেধক সমূহৰ যাতে সঠিকধৰণে শীত-তাপ নিয়ন্ত্ৰণত সংৰক্ষণ কৰা হয় তাৰ ওপৰত গুৰুত্বআৰোপ কৰে৷

অনুষ্ঠানত কেমিষ্ট এণ্ড ড্ৰাগিষ্ট এচ'ছিয়েছন , অসমৰ সভাপতি ডা° এন এল আগৰৱালাকে প্ৰমুখ্যে কৰি ভালেসংখ্যক বিশিষ্ট লোকে অংশগ্ৰহণ কৰে৷ বিস্তৃত কাৰ্যক্ৰমণিকাৰে সমাপ্ত পৰা উক্ত সাধাৰণ সভাতে জীৱন বনিকক সভাপতি, মনোৰঞ্জন বৰাক সম্পাদক আৰু জীৱন চন্দ্ৰ ঘোষক কোষাধাক্ষ্য হিচাপে লৈ নগাঁও জিলা ঔষধ ব্যৱসায়ী সন্থাৰ আগন্তুক তিনি বছৰীয়া কাৰ্যকালৰ বাবে নতুন সমিতিখন গঠন কৰা হয়।