অসম

সমগ্ৰ নগাওঁ-মৰিগাওঁ জিলাৰ বনকৰ্মীয়ৈও খেদিব নোৱাৰিলে হাতীৰ জাক… চাওঁক VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, কামপুৰঃ কামপুৰত হাতীয়ে একপ্ৰকাৰ সৰিয়হফুল দেখুৱাইছে বন্যহস্তীয়ে। কাল সন্ধ্যাতে বন্যহস্তীয়ে সন্ত্ৰাস চলাই চাংচকী বৰচুঙত কেইবাটাও বাসগৃহ ভাঙি চুৰমাৰ কৰাৰ লগতে জীৱ-জন্তু নিধন কৰি যায় ৷

বৰচুংত হাতীয়ে বিদ্যুতৰ খুটা ভাঙি পেলোৱাত অঞ্চলজুৰি অন্ধকাৰ ৷ বন্যহস্তীৰ ভয়ত কম্পমান হৈ থকা গাঁওবাসীয়ে শীঘ্ৰে বিদ্যুৎ বিভাগক পোহৰৰ ব্যৱস্থা কৰিবলৈ দাবী ৷ দীৰ্ঘদিন ধৰি সন্ত্ৰাস চলাই থকা হাতী খেদিবলৈ নগাঁও, মৰিগাঁও জিলাৰ বিভিন্ন স্থানৰ পৰা বনবিভাগৰ লোক আহিও ব্যৰ্থ হ'ল হাতী খেদাত ।

আনকি হাতী খেদিবলৈ ব্যৱহৃত ভ্ৰাম্যমান হাতী খেদা যন্ত্ৰৰ লগতে দুখনকৈ জেচিবিয়ে খেদিব নোৱাৰিলে হাতীৰ জাকতো । বৃহৎ হাতীৰ জাকটোৱে সৰিয়হ ফুল দেখুৱাইছে বনবিভাগৰ লোকসকলক ।