অসম

নগাঁৱৰ মৰাপাট গুদামত অগ্নিকাণ্ড! জ্বলিল আঢ়ৈ কোটি টকাৰ সা-সম্পত্তি, চাওঁক VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, নগাঁওঃ সোমবাৰে পুৱতি নিশা নগাঁৱৰ বৰভেটি সংঘটিত হয় এক ভয়াবহ অগ্নিকাণ্ড। নগাওঁ চহৰৰ জ্যোতি ফ্লুৰ মিলৰ স্বত্বাধিকাৰী মৰাপাট গুদামত সংঘটিত হোৱা অগ্নিকাণ্ডত ভস্মীভূত হয় প্ৰায় আঢ়ৈ কোটি টকাৰ সা-সম্পত্তি।

দপদপকৈ জ্বলি উঠা জুইত ভস্মীভূত হয় গুদামটোত মজুত ৰখা কোটি টকাৰ মৰাপাট। পুৱা জুই প্ৰত্যক্ষ কৰি স্থানীয় লোকে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়াত নগাঁৱৰ উপৰিও ৰহা আৰু মৰিগাঁৱৰ পৰা অহা মুঠ ছয়খনকৈ গাড়ীৰ সহায়ত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় অগ্নিনিৰ্বাপক বাহিনী।

এই অগ্নিকাণ্ডত ভস্মীভূত হয় প্ৰায় কোটি টকাৰ সা-সম্পত্তি। অৱশ্যে কথমপি ৰক্ষা পৰে জ্যোতি ফ্লুৰ মিলৰ লগতে চহৰখনৰ বহু ব্যৱসায়ী প্ৰতিষ্ঠান। জুই লগাৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই যদিও ইয়াৰ এক উচ্চ পৰ্য্যায়ৰ তদন্তৰ দাবী জনাইছে সচেতন মহলে।