অসম

কেবৰ বিৰুদ্ধে নগাঁৱৰ কচুৱাৰ লুটুমাৰীত জোঁৰ সমদল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমূৰ্তি দাহ… VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, নগাঁওঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদত নামিছে গ্ৰামাঞ্চলৰ সাধাৰণ ৰাইজো৷ নগাওঁ জিলাৰ কচুৱাৰ লুটুমাৰী অঞ্চলত জোঁৰ লৈ সমদল বাহিৰ কৰি দাহ কৰিলে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমূৰ্তি৷

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে হাতে হাতে জোঁৰ লৈ গ্ৰামাঞ্চলৰ লোক সকলে আহ ঐ আহ ওলাই আহ, বিজেপি চৰকাৰ মূৰ্দাবাদ ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমূৰ্তি দাহ কৰি জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কখন কোনো পধ্যেই মানি লোৱা নহ'ব বুলি হুংকাৰ প্ৰদান কৰে।