অসম

নগাঁৱৰ লংজাপ পাহাৰত বন মাফিয়াৰ দপদপনি, পাহাৰ ধ্বংস LIVE, VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, কামপুৰঃ নগাঁৱৰ লংজাপ সেউজীয়া পাহাৰ এতিয়া ধ্বংসৰ গৰাহত। পুৱাই লংজাপ পাহাৰত কুলি কেতেকীৰ মাতৰ সলনি শুনা যায় বন মাফিয়াৰ হাতুৰীৰ কোব। কিন্ত কি গোপন ৰহস্যত বনসুৰক্ষাৰ বাবে নিয়োজিত বনকৰ্মীযে সুৰক্ষা দিব পৰা নাই সেউজীয়া পাহাৰটো? তাক লৈ সৃষ্টি হৈছে ৰহস্যৰ। ইফালে জলিল, চালাম ইত্যাদি নামৰ একাংশ লোকক প্ৰশাসনে দেখিও একো নকৰাৰ অভিযোগ উঠিছে।

উল্লেখ্য যে, নগাওঁ জিলাৰ কামপুৰ বন আঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত বৰপথাৰ বিটৰ অন্তৰ্গত লংজাপ পাহাৰত পাহাৰৰ শিল সংগ্ৰহ কৰি একাংশ লোকে হাতৰে ভাঙি অবৈধ কাৰবাৰ চলাই অহাৰ পিছটো চকুমুদাৰ কুলিৰ ৰূপ লৈছে কামপুৰৰ বন আঞ্চলিক বিষয়া বিনোদ বিহাৰী সিঙৰ লগতে বনকৰ্মীসকলে। যাৰ বাবে একাংশ অসাধুলোকে লোকে হেলাৰঙে চলাই গৈছে পাহাৰ ধ্বংশ যজ্ঞ। আৰু ইয়াৰ নেতৃত্ব লৈছে আব্দুল জলিল, চালাম ইত্যাদি নামৰ একাংশ লোকে।

ইফালে নগাওঁ জিলাৰ বন বিষয়াক স্থানীয় লোকে অভিযোগ দাখিল কৰিছে যদিও এই ধ্বংস যজ্ঞ ৰোধ কৰাৰ বাবে বন কোনো পদক্ষেপ হাতত নোলোৱাৰ অভিযোগ উঠিছে। আনকি অভিযোগকাৰীক ওলোতাই কামপুৰ আঞ্চলিক বন বিষয়া বিনোদ বিহাৰী সিঙে ধমকি দিয়া বুলি জানিবলৈ দিছে স্থানীয় লোকে।