অসম

নগাঁও লায়ন্স ক্লাৱত নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মজয়ন্তী পালন…

asomiyapratidin

ডিজিটেল সংবাদ, নগাঁওঃ প্ৰতি বছৰৰ দৰে এইবাৰো নগাঁও লায়ন্স ক্লাবে আজাদ হিন্দ ফৌচৰ নেতা তথা মুক্তি যুঁজাৰু আগশাৰী সেনা তথা নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৫ তম জন্ম জয়ন্তী পালন কৰে ।
লায়ন্স ক্লাবৰ সভাপতি প্ৰলয় সাহায়ে নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে ,বয়োজ্যেষ্ঠ লায়ন বিনোদ খেতাৱাতে পুষ্প মাল্যপৰ্ন কৰে ।

উক্ত জন্ম জয়ন্তী অনুষ্ঠানত বিভিন্ন সদস্যয়ে নেতাজী সুভাষ চন্দ্ৰ বসুৰ ওপৰত থূলমূলকৈ আলোচনা কৰাৰ লগতে লায়ন্স ক্লাৱৰ সম্পাদক অজয় মিট্টল, পি আৰ অ বিশ্বজিৎ মহন্ত,প্ৰনৱ দাস, চুৰিন্দৰ কাৰৱা,বিমল দাস,মালচন্দ আগৰৱালা, হেমন্ত বৰদলৈ, মদন সাহা, ঈন্দ্ৰ বথৰা সহ কেইবাজনো লায়ন সদশ্যবৃন্দয়ে একেলগে মিলি দেশভক্তি মূলক গীতৰে গোটেই লায়ন্স ক্লাব নগাঁৱৰ কেন্দ্ৰস্থল মূখৰিত কৰি তোলে ।