অসম

নগাঁও লায়ণ্স ক্লাবৰ শলাগ লবলগীয়া পদক্ষেপ…

asomiyapratidin

ডিজিটেল সংবাদ,নগাওঁ : এটাৰ পিছত আনটো উন্নয়ন মূলক সামাজিক কাম কৰি থকা পুনৰ নগাঁও চহৰ খনক আটকধুনীয়া আৰু সৌন্দৰ্যবৰ্দ্ধক কৰিবলৈ নগাঁও লায়ণ্স ক্লাবে নিজাববীয়াকৈ আকৌ সুন্দৰ পদক্ষেপ হাতত লোৱা দেখা গৈছে ।

গুৱাহাটী ফালৰপৰা নগাঁও অভিমুখে আহিলে যি অংশ ৰ পৰা এফালে বেবেজীয়া হৈ নগাঁও চহৰ সোমাই আৰু এফালে বাই- পাছ হৈ ডবকা,ওপৰ অসম আৰু তেজপুৰ যাব পাৰি সেই অংশতে যাত্ৰী সকলৰ সুবিধাৰ্থে এটি সুন্দৰ আৰ্হিৰ জিৰণি চ'ৰা নিৰ্মাণ কৰা হ'ব ।

ইয়াৰ উপৰিও বেবেজীয়া আৰু ডিমৌৰ মাজ ভাগতে এখনি ফুলৰ উদ্যান প্ৰতিষ্ঠা কৰি তুলিবলৈ হাতত লৈছে। ইফালে নগাঁৱৰ বৰঘাট বাই -পাছ ত ঘূৰণীয়া পথ‌আলিৰ ও থানা খনৰ কাষতে নগাঁও লায়ন্চ ক্লাবে আৰু এখনি মনোমোহা ফুলনি বাগিচাৰ কাম হাতত লৈছে । উক্ত দুখনকৈ ফুলনি বাগিচা আৰু এটি জিৰণি চ'ৰা নিৰ্মাণৰ বাবে নগাঁও লায়ন্চ ক্লাবে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰীৰ পৰা অনুমতি লৈহে এই কাম কৰিবলৈ আগবাঢ়িছে ।

বৃহস্পতিবাৰে অথাৎ ২৫/০২/২১ তাৰিখে নগাঁৱৰ সদৰৰ বিধায়ক শ্ৰী ৰূপক শৰ্মা দেৱে উক্ত উল্লেখিত দুখনি উদ্যান আৰু এটি জিৰণি চ'ৰা এই তিনিও ঠাইত শিল্যান্যাস কৰে । লগতে নগাঁও লায়ন্চ ক্লাবৰ হৈ প্ৰবীণ আগৰৱালা,প্ৰলয় কুমাৰ সাহা, অজয় মিট্টল, বিশ্বজিৎ মহন্ত, গংগা বল্লভ গোস্বামী, শংকৰ লাল বৰ্মা, দেবেন সিং,হৰদৰ্শন সিং, ধীৰাজ বৰদলৈ, প্ৰান্তৰ ভট্টাচাৰ্যৰ, মহাবীৰ আগৰৱালা, স্বপ্না নেওগী, হৰভজন সিং,ইনামূল মজিদ, সন্জয় গাৰোদিয়া,বলবিন্দৰ সিদ্ধু, আৰু বহু লায়ন সদশ্য উপস্থিত থাকে ।