অসম

নগাঁৱৰ কামপুৰত ৱাৰ্ড মেম্বাৰ আৰু গাঁওবুঢ়াৰ বিৰুদ্ধে বান সাহাৰ্যত অনিয়মৰ অভিযোগ… VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, কামপুৰঃ বানপানীৰ লগে লগে গতানুগতিকভাবে আহে বান সাহাৰ্যত অনিয়মৰ অভিযোগ। চৰকাৰে বান সাহাৰ্য দিয়া মাত্ৰই উত্থাপন হৈছে বান সাহাৰ্য বিতৰণত খেলিমেলিৰ অভিযোগ। এই অভিযোগ উত্থাপন কৰিছে নগাঁও জিলাৰ কামপুৰবাসীয়ে। কামপুৰৰ কুঁৱৰীআটি আদৰ্শ গাঁৱত বান সাহাৰ্য বিতৰণত অনিয়ম সংঘটিত হোৱাৰ পাছতেই সৃষ্টি হয় উত্তেজনাময় পৰিৱেশ।ৱাৰ্ড মেম্বাৰ আৰু গাঁওবুঢ়াৰ বিৰুদ্ধে অনিয়মৰ অভিযোগ বন্যাৰ্তৰ।

বান সাহাৰ্য বিতৰণত ব্যাপক অনিয়ম সংঘটিত কৰাক কেন্দ্ৰ কৰি মঙলবাৰে নিশা কামপুৰৰ কুঁৱৰীআটি আদৰ্শ গাঁৱত উত্তেজনাৰ সৃষ্টি হয়।বন্যাৰ্তৰ অভিযোগ বান সাহাৰ্যৰ বাবে অহা ২৪ বেগ চাউলৰ মাই দুই বেগ চাউল বন্যাৰ্তৰ মাজত ভগাই দি বাকী চাউল নভগোৱাকৈ বাৰ্ড মেম্বাৰ যাদৱ বৰা আৰু গাঁওবুঢ়া তৰণ লস্কৰে চাউলখিনি কুঁৱৰীআটি গাঁৱৰ ৰিটেলাৰ জিতেন লস্কৰৰ দোকানৰ গুডামত সোমোৱাই থয়।

তাৰ পাছতেই উত্তেজিত হৈ বন্যাৰ্তই ৱাৰ্ড মেম্বাৰ যাদৱ বৰা আৰু গাঁওবুঢ়া তৰুণ লস্কৰক জবাবদিহি কৰে। উল্লেখযোগ্য যে গাঁওবুঢ়া আৰু ৱাৰ্ড মেম্বাৰে বন্যাৰ্তৰ বাবে অহা চাউল বন্যাৰ্তৰ মাজত নভগাই পোনে পোনে ৰিটেলাৰৰ গুডামত ভৰাই থোৱা ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে।